Gujarat : ৪৭ জন শিশুৰ প্ৰাণ কাঢ়িলে ‘ অভিশপ্ত ‘ ওলমা দলঙে

WhatsApp Image 2022 10 31 at 21.00.19

Gujarat :

গুজৰাটৰ দলং দুৰ্যোগত মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দেওবাৰে সন্ধিয়া দুৰ্ঘটনাটোৰ পাছত এতিয়াও ১০০ ৰো অধিক লোক সন্ধানহীন বুলি দাবী কৰা হৈছে।

বৰ্তমানৰলৈকে, মোৰবিত দলং খহি পৰাত নিহতৰ সংখ্যা হৈছে ১৪১ জন । ইয়াৰ ভিতৰত, ৪৭ জন শিশু ।

দলং খহি পৰাৰ ফলত নিহত হোৱা ৪৭ টা শিশুৰ ভিতৰত এজন দুবছৰীয়া লৰা আছিল যিজন আটাইতকৈ কনিষ্ঠ। দুৰ্ঘটনাটোৰ পাছত, স্থানীয় লোকে দাবী কৰে যে মৃতসকলৰ বেছিভাগেই মহিলা আৰু শিশু । একে সময়তে বহুতো শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

মঙলবাৰে মোৰবিৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পূৰ্বে সোমবাৰে গুজৰাটত কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু বাৰে বাৰে দলং দুৰ্যোগৰ বিষয়টো উত্থাপন কৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি দলং দুৰ্যোগ এতিয়াও সন্ধানহীন হৈ আছে ১০০ৰো অধিক লোক। সোমবাৰে সন্ধিয়া উদ্ধাৰ অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয় প্ৰশাসন। মঙলবাৰে পুৱা পুনৰ আৰম্ভ হ’ব উদ্ধাৰ অভিযান । আশংকা কৰা হৈছে যে বহু লোকৰ মৃতদেহ এতিয়াও পানীৰ তলত বোকাত আৱদ্ধ হৈ আছে ।

দেওবাৰে সন্ধিয়া দলংখনত প্ৰায় ৫০০ জন লোক একত্ৰিত হয়। সেই সময়ত, ওলমা দলংখন হঠাতে খহি পৰে । ইয়াৰ পাছতে বহুতে তীৰলৈ সাঁতুৰিবলৈ চেষ্টা কৰে। কিন্তু তাৰে মাজৰে বহুতে সাঁতুৰিব নাজানিছিল, তেওঁলোকৰ বহুতক উদ্ধাৰকাৰীসকলে তীৰলৈ টানি উদ্ধাৰ কৰে ।

শতিকা পুৰণি দলংখন নৱীকৰণৰ বাবে বন্ধ কৰা হৈছিল। ২৬ অক্টোবৰত ৰাইজৰ বাবে পুনৰ মুকলি কৰা হৈছিল ওলমা দলঙখন । ইয়াৰ মাজতে, ঘটিল এই দুৰ্যোগ । এই সন্দৰ্ভত দলং মেৰামতি কোম্পানীৰ এজন কৰ্মচাৰীকে ধৰি নজন লোকক ইতিম্যেই গ্ৰেপ্তাৰ কৰা হৈছে ।

Exit mobile version