Assam : ধূলা থানাৰ নিলম্বিত অ’চিক চিআইডিৰ দ্বাৰা গ্ৰেপ্তাৰ 

অভিযুক্তৰ পৰা উৎকোচ লৈ গোচৰ গাপ দিয়াৰ চেষ্টা

2c20e015 6839 41e4 b772 4ab5a2b6a3b9

Assam :

অভিযুক্তৰ পৰা উৎকোচ লৈ গোচৰ গাপ দিয়াৰ অভিযোগত নিলম্বন হৈ থকা ধূলা থানাৰ অ’চিক অৱশেষত গ্ৰেপ্তাৰ কৰে চি আই ডিয়ে ৷ উল্লেখ্য যে চলিত বৰ্ষৰ ১২ জুনত ধূলাত এগৰাকী তেৰ বছৰীয়া কন্যাক ধৰ্ষণ কৰি পিছত হত্যা কৰা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷

পৰৱৰ্তী সময়ত এই ঘটনাৰ স’তে সাঙোৰ খাই পৰা কৃষ্ণ কমল বৰুৱাক ৰক্ষণাবেক্ষণ দি ঘটনাটোৰ কোনো তদন্ত নকৰাকৈ বিষয়টোক এক প্ৰকাৰ গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ উদ্থাপিত হয় ধূলা থানাৰ তদানীন্তন অ’চি উৎপল বৰুৱাৰ বিৰুদ্ধে৷ আনহাতে ৰাজ্য স্বয়ং মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা দুৰ্ভগীয়া কন্যা শিশুটিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটিৰ ভাষ্য গ্ৰহণ কৰাৰ পিছত সকলো কথা পোহৰলৈ আহে।

কন্যা শিশুটিৰ পৰিয়ালে ঘটনাটোৰ সম্পৰ্কত অ’চিৰ কাষ চপাৰ পিছতো কোনো সময়োচিত পদক্ষেপ নলৈ বৰং ঘটনাটোৰ স’তে জড়িত থকা কৃষ্ণ কমল বৰুৱাৰ পৰা লয় পাঁচ লাখ টকা৷ মুখ্যমন্ত্ৰীয়ে দুৰ্ভগীয়া পৰিয়ালটিক সাক্ষাৎ কৰি ধূলা থানাৰ অ’চিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ নিৰ্দেশ দিয়ে ডিজিপিক ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ধূলা থানাৰ অচি উৎপল বৰুৱাক নিলম্বন কৰা হয় ৷আনহাতে ১২আগষ্টত চি আই ডিয়ে ১২৪/২০২৩ নম্বৰত এটি গোচৰ ৰজু কৰি মাৰাথন তদন্ত আৰম্ভ কৰে৷

ইতিমধ্যে আৰক্ষীৰ জালত পৰি সম্প্ৰতি ন্যায়িক জিন্মাত থকা কৃষ্ণ কমল বৰুৱাৰ বিৰুদ্ধে চি আই ডিয়ে ২৫ ছেপ্তেম্বৰত আদালতত অভিযুক্তহনামা দাখিল কৰে ৷ উল্লেখযোগ্য যে কন্যা শিশুটিৰ মৃতদেহ পুনৰ মৰনোত্তৰ পৰীক্ষা,ফৰেনছিক ৰিৰ্পট আদি তন্যতন্যকৈ পৰীক্ষা কৰাৰ লগতে অ’চি উৎপল বৰুৱাৰ বেংক একাউণ্ট পৰীক্ষা কৰাৰ অন্তত চি আই ডিয়ে ধূলা থানাৰ তদানীন্তন নিলম্বিত অ’চিক গ্ৰেপ্তাৰ কৰে ৷

 

চি আই ডিয়ে ধৃত বৰিৰ বিৰুদ্ধে পিএছ কেছ নং ২৯/২০২২বি/এছ১৩০বি/৪২০বি/৪২০/২০২২পিচি আৰ/ডব্লিউ ছেকেণ্ড7(বি)(৮)(১)(১)(১১) এএছপিচি এক্ট ১৯৮৮ (২০১৮ চনত সংশোধিত) গোচৰ পঞ্জীভূক্ত কৰিছে ৷ ইতিমধ্যে আটকাধীন বৰাক গুৱাহাটীৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰা হয় ৷

Exit mobile version