Bollywood :বলীউডৰ তাৰকাই নিজৰ আচল চেহেৰা ঢাকিবলৈ কিমান টকা খৰচ কৰে ?

জানিলে আপোনাৰ চকু কপালত উঠিব

WhatsApp Image 2022 11 01 at 17.43.24 1

Bollywood :

 বলীউডৰ সুদৰ্শন চেহেৰাৰ পিছত লুকাই থাকে আচল চেহেৰা । আমি হয়তো কল্পনাই কৰিব নোৱাৰো যে তেওঁলোকে নিজৰ চেহেৰাৰ লগত কিমান টকা খৰচ কৰে ! তথ্য অনুসৰি প্ৰতিজন তাৰকাই নিজৰ চেহেৰাৰ বাবে কোটিৰ ওপৰত খৰচ কৰে । বিশেষকৈ বলীউডৰ প্ৰায় সংখ্যক তাৰকাৰে মূৰত চুলি নাই ।

যাৰবাবে তেওঁলোকে কোটি টকাৰ ওপৰত খৰচ কৰিবলগীয়া হয় । আজি এই প্ৰতিবেদনত বলীউডৰ কোন কেইজন তাৰকাই নিজৰ তপা মূৰ ঢাকিবলৈ কোটি টকা খৰচ কৰে , সেইবিষয়ত আলোচনা কৰিম ।

অক্ষয় কুমাৰ :— এই তালিকাত অহা প্ৰথম নামটোৱেই হৈছে অক্ষয় কুমাৰ । বয়স প্ৰায় ৫৫ বছৰ চুলেগৈ যদিও দেখাত কিন্তু সদায় ডেকা হৈয়ে আছে । আচলতে এই চেহেৰাৰ পিছত লুকাই আছে বহু কোটি টকাৰ খৰচ । টকাৰে ঢাকিছে তেওঁ আচল বয়স । ইয়াৰ লগতে অভিনেতাজনৰ মূৰত এডালো চুলি নাই । তেওঁ কে’বাকোটি টকা খৰচ কৰি নতুন চুলি গজাবলৈ সক্ষম হৈছিল ।

ৰণবীৰ কাপুৰ :— আপুনি হয়তো জানি আচৰিত হ’ব যে ৰণবীৰ কাপুৰৰ মূৰতো এডালো চুলি নাই । অতি কম বয়সতে ৰণবীৰৰ সকলো চুলি সৰি পৰিছিল । এই সমস্যাৰ পৰা হাত সৰাৰ উপায় বিচাৰি নোপোৱা ৰণবীৰে শেষত চিকিৎসকৰ সহায় লয় । অস্ত্ৰোপচাৰৰ যোগেদি নতুনকৈ চুলি গজাবলৈ ৰণবীৰে শেষত হেয়াৰ ট্ৰান্সপ্লান্ট কৰে । ৰণবীৰে এই অপাৰেশ্যন ২০০৭ বৰ্ষত কৰিছিল ।

 অমিতাভ বচ্চন :— ৮০ বছৰ অতিক্ৰম কৰা বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আজিও যেন ডেকা হৈয়ে আছে । একমাত্ৰ ফিটনেচৰ কাৰণে আজিও বি বিয়ে বলীউডত দপদপাই থাকিবলৈ সক্ষম হৈছে । এতিয়াও অভিনেতাজনৰ মূৰত কেঁচা-পকা ঢৌ খেলোৱা চুলি আছে । কিন্তু আচলতে সেইয়া বি বিৰ আচল চুলি নহয় । নিজৰ তপা মূৰ লুকুৱাবলৈ নকল চুলি ব্যৱহাৰ কৰে অভিনেতাজনে ।

 চানী দেউল :—- বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা চানী দেউলো চুলি সৰা সমস্যাত ভুগিছিল । কিছু বছৰ পূৰ্বে অভিনেতাজনৰ এই চুলি সৰা সমস্যা আৰম্ভ হয় আৰু এটা সময়ত তেওঁ একেবাৰে তপা হৈ পৰে । শেষত কোটি টকা খৰচ কৰি অভিনেতা গৰাকীয়ে হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 জেকি শ্ৰুফ :— এসময়ৰ জনপ্ৰিয় অভিনেতা জেকি শ্ৰুফো চুলি সৰা সমস্যাত ভুগিছিল । বহু বছৰ পূৰ্বে আৰম্ভ হোৱা এই সমস্যাৰ পৰা হাত সাৰিবলৈ অভিনেতাজনে অৱশেষত কোটি টকা খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

 চালমন খান :— ৫৬ ডেওনা চোৱা জনপ্ৰিয় অভিনেতা চালমন খানে নিজৰ সুদৰ্শন চেহেৰা ধৰি ৰাখিবলৈ কোটি কোটি টকা খৰচ কৰি আহিছে । সেয়েহে হয়তো অভিনেতাজন দৈনিক ডেকা হৈ যোৱা পৰিলক্ষিত হৈছে । আপুনি বাৰু জানেনে যে, চালমন খানৰো মূৰত চুলি নাই । বহু বছৰ পূৰ্বেই অভিনেতাজন তপা হৈছিল যদিও তেওঁ সেই ৰূপ ঢাকিবলৈ কোটিৰ ঘৰত খৰচ কৰি হেয়াৰ ট্ৰান্সপ্লান্ট কৰে ।

Exit mobile version