Chili pepper : কেঁচা জলকীয়া তিনি মাহ পৰ্যন্ত সজীৱ কৰি ৰখা পাঁচটা উপায়ৰ বিষয়ে জানিবলৈ পঢ়ক —–

4cfd89e9 5d4c 4625 b262 85edf25c11c7

Chili pepper :

বৰ্তমান বজাৰত নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ দাম দৈনিক বৃদ্ধি পোৱা দেখা গৈছে । তেনেক্ষেত্ৰত বহু লোকে বিভিন্ন খাদ্য-সামগ্ৰী সৰহকৈ কিনি বহু দিনলৈ মজুত কৰি ৰাখিবলৈ চেষ্টা কৰে । আমি জানো যে, আমাৰ খাদ্যৰ জুতি বঢ়োৱাত উল্লেখযোগ্য অৰিহণা যোগাই কেঁচা জলকীয়াই ।

বহুতৰে জলকীয়া নহ’লে আহাৰ খাব নোৱাৰা এক অৱস্থা হয় । কেতিয়াবা বহুখিনি জলকীয়া একেলগে ক্ৰয় কৰিলে আমি কম মূল্য পৰিশোধ কৰোঁ । কিন্তু জলকীয়াখিনি কিনাৰ পিছত ,সেইখিনি সংৰক্ষণ কৰিও ৰাখিবলগীয়া হয় । সংৰক্ষণ পদ্ধতি শুদ্ধ নহ’লে জলকীয়াখিনি বেয়া হৈ যোৱাৰো সম্ভাৱনা থাকে । এতিয়া কথা হ’ল যে, আমি কেনেকৈ দীৰ্ঘদিনৰ বাবে জলকীয়াখিনি সংৰক্ষণ কৰিম ?

বহুতেই জলকীয়া কিনি ফ্ৰিজত ৰাখি থয় । কিন্তু ফ্ৰিজত থলেও জলকীয়াখিনি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে । সাধাৰণতে ফ্ৰিজত সংৰক্ষণ কৰি ৰখা জলকীয়া ক’লা পৰি নষ্ট হৈ যোৱা দেখা যায় । সেইয়েহে আজি আমি আপোনালোকক কেঁচা জলকীয়া সংৰক্ষণ কৰি ৰখাৰ পাঁচটা উপায় আগবঢ়াম ।

১/ জলকীয়া কেতিয়াও ধুব নালাগে :—- বজাৰৰ পৰা কিনি অনা জলকীয়া কেতিয়াও ধুব নালাগে ।  আচলতে জলকীয়া একদম শুকান কৰি ফ্ৰিজত ৰাখিব লাগে । প্লাষ্টিকৰ সাফৰ থকা এটা বাকচত ভৰাই জলকীয়া সংৰক্ষণ কৰিব লাগে । মনত ৰখা দৰকাৰ যে ,ঢাকোন লগোৱাৰ আগত জলকীয়াখিনি এখন টিচ্যু পেপাৰেৰে ঢাকি দি ,তাৰপিছতহে ঢাকোন মাৰিব লাগে ।

২/ ঠাৰিসমূহ আতৰাই দিব লাগে :– জলকীয়া সংৰক্ষণ কৰাৰ পূৰ্বে ঠাৰিসমূহ আতৰাই দিব লাগে । ঠাৰি লাগি থাকিলে জলকীয়া সোনকালে নষ্ট হয় ।

৩/ ঢাকোন যুক্ত বাকচত সংৰক্ষণ কৰিব লাগে :—- জলকীয়া কেতিয়াও খোলাকৈ ৰাখিব নালাগে । ঢাকোন যুক্ত বাকচৰ তলত এখন কাগজ বা টিচ্যু পেপাৰ পাৰি , জলকীয়াখিনিৰ ওপৰতো এখন পেপাৰেৰে ঢাকি ঢাকোন মাৰিব লাগে । এই পেপাৰ দুখনে জলকীয়াৰ পৰা নিৰ্গত হোৱা পানী শুহি জলকীয়াখিনি সজীৱ কৰি ৰাখে । ইয়াৰোপৰি কিছুদিনৰ অন্তৰে অন্তৰে পেপাৰ কেইখন সলাই থাকিব লাগে ।

৪/ জলকীয়াৰ লগত সদায় নহৰু ৰাখিব লাগে :— জলকীয়া ৰাখিবলৈ লোৱা বাকচটোৰ তলত পৰা পেপাৰখনৰ ওপৰত এটা নহৰু ৰাখিব লাগে । এনেদৰে ৰাখিলে বহুদিনলৈ জলকীয়াখিনি ভাল হৈ থাকে ।

৫/ অন্যান্য পাচলিৰ লগত জলকীয়া ৰাখিব নালাগে :—- জলকীয়া সদায় বেলেগকৈ ৰাখিব লাগে । কেতিয়াও পিয়াঁজ , আদা বা অন্যান্য পাচলিৰ লগত জলকীয়া ৰাখিব নালাগে । কাৰণ অন্যান্য পাচলি বা মচলাৰ আৰ্দ্ৰতাৰ সংস্পৰ্শলৈ আহিলে জলকীয়া খুব সোনকালে নষ্ট হ’বলৈ আৰম্ভ কৰিব ।

Exit mobile version