New Zealand : গৰুৱে হেম্বেলিয়ালেওঁ নিউজিলেণ্ডত গৰাকীয়ে ভৰিব লাগিব বিশেষ পৰিৱেশ কৰ

cow cattle 1200

New Zealand :

নিউজিলেণ্ড চৰকাৰে অলপতে দেশৰ কৃষকৰ ওপৰত এক বিশেষ কৰ আৰোপৰ কথা ঘোষণা কৰিলে। দেশখনত এতিয়াৰে পৰা গৰুৱে হেম্বেলিয়ালেও গো প্রতিপালকে পৰিৱেশ কৰ আদায় দিব লাগিব।

একেদৰে গৰুৰ গোবৰৰ বুৰবুৰণিৰ বাবদো গোপালকে ভৰিব লাগিব কৰ। গ্রীণ হাউছ অর্থাৎ সেউজ গৃহ নির্গমন নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গো প্রতিপালকৰ ওপৰত এনে কৰ আৰোপৰ সিদ্ধান্ত লৈছে।

নিউজিলেণ্ড চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দেশজুৰি কৃষকে ৰাজপথলৈ ওলাই আহি প্রতিবাদ সাব্যস্ত কৰিছে। কৃষকে ট্ৰেক্টসহ ৰাজপথত কৰ আৰোপৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্রতিবাদ অব্যাহত ৰাখিছে।

দুসপ্তাহ পূর্বে নিউজিলেণ্ড চৰকাৰে জলবায়ু পৰিবৰ্তন প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা এক পৰিকল্পনাৰ অধীনত দেশত নতুন কৃষি কৰ আৰোপৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।নিউজিলেণ্ড চৰকাৰে প্ৰকাশ কৰা অনুসৰি বিশ্বত এনে ধৰণৰ কৰ আৰোপ এয়ে প্রথম।

কৃষকে জলবায়ু অনুকূল উৎপাদনৰ বাবে অধিক কৰ আদায় দিবলৈ সক্ষম হ’ব লাগিব। নিউজিলেণ্ড চৰকাৰে এনে ধৰণৰ আজৱ কৰ আৰোপ কৰাৰ কাৰণটো হ’ল দেশখনত কৃষকৰ সংখ্যা যথেষ্ট অধিক হোৱা হেতুকে কৃষিজনিত কাৰণতো গ্ৰীণ হাউছ গেছ নির্গমন বৃদ্ধি পাবলৈ ধৰিছে।

নিউজিলেণ্ডৰ সংখ্যা গৰিষ্ঠ বাসিন্দাই কৃষিকাৰ্যত নিৰ্ভৰ কৰি জীৱিকা অৰ্জন কৰে। দেশখনত প্রায় ১০ নিযুত গৰু-ম’হ আৰু ২৬ নিযুত ভেড়া আছে। নিউজিলেণ্ডৰ জনসংখ্যা হৈছে মাত্র ৫০ লাখ। ফলত দেশখনৰ মুঠ গ্রীণ : হাউছ নির্গমনৰ অর্ধেকাংশই কৃষি খণ্ডৰ পৰা সৃষ্টি হৈছে।

গৰুৰ হেম্বেলনি আৰু গোৱৰৰ পৰা নিৰ্গত হোৱা মিথেন গেছে গ্রীণ হাউছ গেছ নিগমনৰ সমস্যাটো অধিক গভীৰ কৰি তুলিছে। চৰকাৰে হঠাতে নতুন কৃষি কৰ আৰোপৰ প্ৰস্তাৱ গ্ৰহণ কৰাত দেশখনৰ কৃষকে প্রতিবাদ জনাই কৈছে গ্রীণ হাউছ গেছৰ সমস্যাটোৰ বাবে নিউজিলেণ্ড চৰকাৰে খেতিয়কক জগৰীয়া কৰাটো মুঠেও যুক্তিসংগত নহয়।

কৃষক পৰিৱেশ ধ্বংসকাৰী নহয়, পৰিৱেশৰ বন্ধুহে বুলি প্রতিবাদকাৰীয়ে দাবী কৰিছে। এই কৰ কৃষকৰ ওপৰত জাপি দিলে কৃষকসকল ক্ষতিগ্রস্ত হোৱাৰ লগতে নিউজিলেণ্ডৰ অৰ্থনীতি বাধাগ্রস্ত হ’ৰ বুলি প্রতিবাদকাৰী কৃষকে দাবী কৰিছে।

Exit mobile version