Pune : পুনেৰ হোটেলত অগ্নিকাণ্ড ! কাঁচৰ খিৰিকী ভাঙি বাহিৰ কৰা হৈছে ধোঁৱা

1667278497 pune hotel

Pune :

পুনেৰ হোটেলত অগ্নিকাণ্ড । মঙলবাৰে পুৱা পুনেৰ লুল্লানগৰ অঞ্চলৰ জে কে হোটেলত অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীলৈ চাৰিটা অগ্নি নিৰ্বাপক ইঞ্জিন ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে। জুই নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰা হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি ,হোটেলখনৰ চতুৰ্থ মহলাত জুই লাগে আৰু তাত খিৰিকী, দুৱাৰ আৰু দেৱালবোৰ কাঁচেৰে নিৰ্মিত হোৱাৰ বাবে ধোঁৱা অত্যাধিক বৃদ্ধি পাইছে ।

কাঁচৰ পৰা ধোঁৱা ওলাই অহাৰ কোনো পথ নাই। ফলস্বৰূপে, ভিতৰত ধোঁৱা জমা হৈ বিপদ বৃদ্ধি হোৱাৰ আশংকা আছে। অগ্নিনিৰ্বাপক বাহিনীয়ে কাঁচসমূহ ভাঙি জুই নুমুৱাবলৈ চেষ্টা কৰি আছে।

জে কে হোটেলৰ এই ঘৰত কে’বাটাও কাৰ্যালয় আৰু দোকান আছে। জুইৰ ফলত বহুতো ক্ষতিহোৱাৰ আশংকা আছে। অগ্নিনিৰ্বাপক বাহিনীয়েও অভিযান আৰম্ভ ৰাখিছে ।

প্ৰাথমিক তথ্য অনুসৰি, হোটেলখনৰ কিছুমান কৰ্মচাৰী য়ে ৰাতি তাত শুই আছিল। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তেওঁলোক ভিতৰলৈ আৱদ্ধ হৈ আছে নেকি জানিবলৈ চেষ্টা কৰি আছে। অৱশ্যে, মঙলবাৰেপুৱা এই প্ৰতিবেদন লিখালৈকে হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version