Wine : সুৰাময় হ’ব অসম !

চহৰ-গ্ৰামাঞ্চলত দিয়া হ'ব নতুনকৈ সাতশ খন সুৰা দোকানৰ অনুজ্ঞাপত্ৰ

WhatsApp Image 2022 11 01 at 20.23.09 1

Wine :

ক’ৰণা কেন্দ্ৰীক সময়ছোৱাত ৰাজ্য চৰকাৰৰ ৰাজকোষ টনকিয়াল কৰাত সুৰা ব্যৱসায়ে লৈছিল মুখ্য ভূমিকা ৷ এনে প্ৰেক্ষাপটত এইবাৰ অসম চৰকাৰে সুৰা ব্যৱসায়ীৰ পৰা অধিক ৰাজহ আদায়ৰ লক্ষ্যৰে চহৰ আৰু গ্ৰামাঞ্চলত সাতশখন নতুন সুৰা দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে ৷

আবকাৰী বিভাগৰ মতে,সাতশখন নতুন সুৰা দোকানৰ জৰিয়তে ৰাজকোষলৈ বছৰি আবকাৰী শুল্ক আহিব প্ৰায় তিনি হাজাৰ কোটি টকা ৷

ইতিমধ্যে প্ৰাৰম্ভিক পদক্ষেপ হিচাপে দিছপুৰে তাৎক্ষণিকভাৱে অনুজ্ঞাপত্ৰ দিয়াৰ নামত পঞ্চাশ কোটি সংগ্ৰহৰ পৰিকল্পনা লৈছে ৷ উল্লেখ্য যে অনুজ্ঞাপত্ৰৰ বাবে আবেদন আৰু পঞ্জীয়নৰ বাবদ বৃহৎ পৰিমাণৰ কৰ সংগ্ৰহ কৰিব আবকাৰী আয়ুক্ত কাৰ্যালয়ে ৷ মনকৰিবলগীয়া যে অনুজ্ঞাপত্ৰৰ আবেদন মাছুল হৈছে প্ৰায় একলাখ টকা ৷

আনহাতে বিভাগীয় সূত্ৰে জানিব পৰা মতে ৭০০ খন ৱাইন শ্বপৰ বাবে গড়ে ৫খনকৈ আবেদন কৰিলেই মুঠ আবেদন হ’বগৈ ৩,৫০০ খন। এক লাখকৈ হ’লেই মুঠ সংগৃহিত ধন হ’ব ৩৫ কোটি টকা ৷

শেহতীয়াকৈ গ্ৰামাঞ্চলতো নতুন অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তুতি চলোৱাৰ পিছত গড়ে আবেদন বৃদ্ধি পোৱাৰ আশা কৰিছে আবকাৰী বিভাগে। ইয়াৰ লগে লগে মাছুলৰ পৰাই সংগৃহীত হ’ব কেইবাকোটি টকা ৷

আবকাৰী আয়ুক্তালয়ৰ পৰা প্ৰাপ্ত খবৰ মতে ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ প্ৰাপক সকলে অতিৰিক্তভাৱে আবকাৰী বিভাগক দিব লাগিব ২ লাখ টকাকৈ পঞ্জীয়ন মাছুল । এই পঞ্জীয়নৰ পৰাও প্ৰায় ১৫ কোটি টকা সংগ্ৰহ কৰিব বিভাগে ।

এইদৰেই এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ গাওঁ-চহৰ সৰ্বত্ৰে সুৰাময় কৰিবলৈ আগবাঢ়িছে দিছপুৰে ৷

Exit mobile version