Eknath Shinde : ডিচেম্বৰত পুনৰ গুৱাহাটীত উপস্থিত হ’ব ৪০ বিধায়ক সহ একনাথ সিন্ধে !

WhatsApp Image 2022 11 02 at 17.50.29 1

Eknath Shinde :

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন বালাচাহেবাঞ্চি শিৱসেনাৰ ৪০ জন বিধায়কে চৰকাৰ গঠনৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে মহানগৰীৰ নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰ দৰ্শন কৰিব।

মুখ্যমন্ত্ৰী একনাথ সিন্ধে মুম্বাইত সদৰি কৰে যে ঘোষণা তেওঁৰ দলৰ বিধায়কসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে ডিচেম্বৰত গুৱাহাtটী উপস্থিত হ’ব ৷

উল্লেখ্য একনাথ সিন্ধেৰ সমৰ্থনত ৪০ জনকৈ বিসম্বাদী বিধায়কে গুৱাহাটী ৰেডিয়েছন ব্লুত বাহৰ পাতি উদ্ধৱ থাকৰে চৰকাৰক শলঠেকত পেলাইছিল ৷

শিৱসেনাৰ এজন জ্যেষ্ঠ প্ৰতিনিধিয়ে উদ্ধৃতি দি কয়, শিৱসেনা(সিন্ধে গোট) ৪০ জন বিধায়ক আৰু ১০ জন নিৰ্দলীয় বিধায়কে তেওঁলোকৰ পৰিয়ালৰ সৈতে কামাখ্যা দৰ্শন কৰিব।”

নেতাজনে দাবী কৰে যে তীব্ৰ চাপৰ বাবে বিদ্ৰোহী বিধায়ক – সাংসদ সকলে পৰিয়ালে সৈতে গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ সেই সময়ত সক্ষম হোৱা নাছিল। কিন্ত এতিয়া পৰিবেশ স্বাভাৱিক হোৱাত ডিচেম্বৰ মাহত সদলবলে গুৱাহাটী ভ্ৰমণ কৰিব ৷

মুম্বাইত সাংবাদিকৰ সৈতে হোৱা এক অনানুষ্ঠানিকভাৱে বাৰ্তালাপত মুখ্যমন্ত্ৰী সিন্ধেই লগতে কয় যে তেওঁ অহা কেইসপ্তাহমানৰ ভিতৰত অযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিছে।

“যদি নৱেম্বৰত নহয় তেন্তে ডিচেম্বৰৰৰ প্ৰথম সপ্তাহতে মই আমাৰ দলৰ কেইজনমান বিধায়কৰ সৈতে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিম।

“স্মতৰ্ৱ্য যে , জুনমাহত একনাথ সিন্ধৰ সমৰ্থনত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে সমৰ্থন প্ৰত্যাহাৰ কৰাই নহয় শিৱসেনাৰ পৰা দলত্যাগ কৰি ৩৯ জন বিধায়ক এসপ্তাহৰো অধিক সময় গুৱাহাটী ৰেডিয়েছন ব্লু’ ত বাহৰ পাতিছিল ৷

পৰৱৰ্তী সময়ত সিন্ধে-ফাড়নাভিছৰ মাজত চৰকাৰ গঠনৰ ইংগিত লাভ কৰি সিন্ধে সহিতে আটাইকেইজন বিসম্বাদী বিধায়কে মুম্বাইলৈ উৰা মৰাৰ পূৰ্বে কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল ৷

Exit mobile version