Electricity Bill :ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাছুল !

দুমাহলৈ প্ৰতি ইউনিটত বৃদ্ধি পাব ৩০ পইচাকৈ

WhatsApp Image 2022 11 02 at 21.10.29 1

Electricity Bill :

ৰাইজক মাধমাৰ সোধাই বিদ্যুত বিভাগে পুনৰ বৃদ্ধি কৰিলে বিদ্যুতৰ মাছুল ৷ এ পি ডি চি এলে ৰাজহ ঘাটি পূৰণ কৰিবলৈ বিদ্যুতৰ মাছুল বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰে ৷

এতিয়াৰ পৰা দুমাহলৈ ৩০ পইচাকৈ বিদ্যুত মাছুল দিব লাগিব বিদ্যুত গ্ৰাহকে ৷ অৰ্থাৎ নৱেম্বৰ আৰু ডিচেম্বৰত বৃদ্ধি হ’ব ইউনিটে প্ৰতি ১৫ পইচাকৈ ৷ একেদৰে নৱেম্বৰত গ্ৰাহকে অতিৰিক্তভাৱে দিব লাগিব ১৫ পইচাকৈ ৷

আনহাতে চলিত মাহ আৰু ডিচেম্বৰত ১৫+১৫=৩০ পইচাকৈ দুবাৰ দিব লাগিব গ্ৰাহকে ৷ উল্লেখ্য যে এমাহত প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত পূৰ্বতে এ পি ডি চি এলে লৈছিল যদিও ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত সেই সিদ্ধান্ত স্থগিত ৰাখে ৷

কিন্ত শেহতীয়াকৈ এ পি ডি চি এলে অতি কৌশলৰে ৰাইজৰ পৰা ৰাজহ আদায়ৰ সিদ্ধান্ত লোৱাত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

Exit mobile version