Gujarat Bridge Collapse : গুজৰাটৰ দলঙ দুৰ্ঘটনাৰ তিনি দিন পাৰ হৈ গ’ল কিন্তু এতিয়া সন্ধানীন অভিযুক্ত সংস্থাৰ মালিক

pti10 31 2022 000028a 0

Gujarat Bridge Collapse :

এতিয়াও সন্ধানহীন গুজৰাটৰ মোৰবিত দলং দুৰ্ঘটনা অভিযুক্ত কোম্পানীটোৰ মালিকসকল । ঘটনাটোৰ তিনিদিন পাৰ হৈ গ’ল যদিও আৰক্ষীয়ে দলংখন মেৰামতি কৰাৰ চুক্তি দিয়া ‘অৰেৱা’ কোম্পানীৰ মালিকসকলক ধৰিব পৰা নাই।

তেওঁলোকৰ ভিতৰত আছে অৰেৱাৰ পৰিচালনা সঞ্চালক জয়সুখভাই পেটেল । দলংখন উদ্বোধনৰ দিনা জয়সুখভাইয়ে ৰাজহুৱাভাৱে দাবী কৰিছিল যে দলংখন আঠৰ পৰা দহ বছৰ অক্ষত অৱস্থাত থাকিব। অৱশ্যে, দলংখন খহি পৰাৰ পাছত তেওঁক বিচাৰি পোৱা হোৱা নাই। কোম্পানীটোৰ আন মালিকসকলও সন্ধানহীন হৈ আছে।

একে সময়তে, দলংখন ভাঙি পৰাৰ পিছৰে পৰা ক্ৰমশই বৃদ্ধি পাইছে মানুহৰ ক্ষোভ । দলংখন ছিঙি যোৱাৰ প্ৰকৃত কাৰণটো উলিয়াবলৈ সমগ্ৰ দেশতে সঠিক তদন্তৰ দাবী উত্থাপন হৈছে। প্ৰশাসনৰ ফালে আঙুলি তোলাৰ পাছৰে পৰা, বিৰোধীয়েও মাত মাতিছে।

ইফালে, জিলাখনৰ অধিবক্তাসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকে গোচৰটোৰ অভিযুক্তৰ হৈ কোনো গোচৰত যুঁজ নিদিব।

আৰক্ষীয়ে ইতিমধ্যে কোম্পানীটোত কাম কৰা নজন লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰথমে, অৰেৱাৰ দুজন মেনেজাৰ আৰু দলংখন মেৰামতি কৰা দুজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰা হৈছে । পাছত আৰক্ষীয়ে এজন নিৰাপত্তাৰক্ষী আৰু এজন কৰ্মচাৰীকে ধৰি আৰু পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে।

ফৰেনচিক প্ৰতিবেদন পোহৰলৈ অহাৰ পাছত, কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে যদিও দলংখনৰ তলৰ পথছোৱা পুনৰ নিৰ্মাণ কৰা হয়, ১৫০ বছৰ পুৰণি তাঁৰবোৰ সলনি কৰা হোৱা নাছিল।

দলংখনৰ তলৰ পথছোৱা চাৰিটা স্তৰৰ এলুমিনিয়াম শ্বীট এখন হেঁচি দিয়া হৈছিল। ফলস্বৰূপে, দলংখনৰ ওজন আগৰ তুলনাত বৃদ্ধি পাই । আৰু সেইকাৰণে তাঁৰবোৰে নতুন দলংখনৰ ওজন ল’ব নোৱাৰিলে। দলংখন দৰ্শনাৰ্থীৰ ভিৰত মাচু নদীৰ ওপৰেৰে বাগৰি পৰিছিল।

ইয়াৰ উপৰিও, অৰেৱা কোম্পানীক দলংখন মেৰামতি কৰাৰ দায়িত্ব দিয়া হয়, কিন্তু তেওঁলোকে কম টকাত এজন নামহীন ঠিকাদাৰক কামটো হাতত তুলি দিয়ে।

প্ৰশাসনৰ ফালে আঙুলি তুলিছে যে অৰেৱা এজন ঘড়ী নিৰ্মাতা হোৱা স্বত্বেও, প্ৰশাসনে কোম্পানীটোক দলংখন মেৰামতি কৰাৰ চুক্তি কেনেকৈ দিছিল ?

Exit mobile version