Kashmiri Pandit : উপত্যকাত সেনাৰ বৃহৎ সাফল্য

কাশ্মীৰি পণ্ডিতৰ ওপৰত সন্ত্রাস চলোৱা লস্কৰ কমাণ্ডাৰ মুখতাৰ নিহত

1667298021 kashmir

Kashmiri Pandit :

আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ স’তে গুলীয়াগুলি সংঘৰ্ষত পাক সমৰ্থিত তিনি লস্কৰ সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে । জম্মু-কাশ্মীৰৰ অবন্তীপুৰাত এয়া আৰক্ষীৰ বৃহৎ সাফল্য । মৃত সন্ত্ৰাসবাদীসকলৰ ভিতৰত পুলৱামাৰ বাসিন্দা মুখতাৰ আহমেদ ভাট আৰু ছাকলিন মুস্তাকো আছে । তৃতীয় মৃত সন্ত্ৰাসবাদী মুছফিক পাকিস্তানৰ বাসিন্দা বুলি আৰক্ষী সূত্রে জনাইছে ।

জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্র অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ আশেপাশে কোনো ঠাইত বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল মৃত তিনি সন্ত্ৰাসবাদীয়ে । কিন্তু তাৰ পূৰ্বেই সেই খবৰ পায় আৰক্ষীয়ে । গোপন সূত্রৰ পম খেদি, অভিযান চলাই এই তিনিজনক ধৰাশায়ী কৰে আৰক্ষীয়ে । মৃতসকলৰ পৰা এটা একে ৪৭ ৰাইফল উদ্ধাৰ হৈছে ।

আৰক্ষীয়ে জনাইছে, মুখতাৰ আহমেদ ভাট লস্কৰ-ই-তৈবাৰ ঘনিষ্ঠ সন্ত্ৰাসবাদী সংগঠন ‘দ্য ৰেজিষ্টেন্স ফ্রন্ট’ৰ কমাণ্ডাৰ পদমর্যাদাত আছিল । পুলৱামাৰ বাসিন্দা মুখতাৰ যোৱা ১৮ এপ্রিলৰ পৰা নিখোজ হৈ আছিল । আৰক্ষীয়ে তেওঁৰ সন্ধান চলাই জানিব পাৰে যে, মুখতাৰে ঘৰৰ পৰা পলাই ‘দ্য ৰেজিষ্টেন্স ফ্রন্ট’ত যোগ দিছে আৰু পুলৱামা অঞ্চলত তেওঁ সক্রিয় আছিল ।

‘দ্য ৰেজিষ্টেন্স ফ্রন্ট’ৰ হৈ প্রকাশ্য কার্যকলাপত অৱশ্যে দীর্ঘদিন ধৰি জড়িত আছিল মুখতাৰ । ক্রমশ কমাণ্ডাৰ পদমর্যাদাত উন্নীত হয় তেওঁ । কাশ্মীৰত যুৱ সম্প্রদায়ক অস্ত্র ধৰিবলৈ উচতনি দিয়াৰ অভিযোগ আছে মুখতাৰৰ বিৰুদ্ধে ।

তদুপৰি কাশ্মীৰ উপত্যকাত বসবাসকাৰী কাশ্মীৰি পণ্ডিতসকলৰ পৰিয়ালক ভিতি প্ৰদৰ্শন কৰাৰ কাৰ্যতো জড়িত আছিল মুখতাৰ । একাধিক হত্যাৰ ঘটনাতো তেওঁৰ হাত আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

ৰাজনৈতিক কর্মী আৰু বাহিৰৰ পৰা কাশ্মীৰত কাম কৰিবলৈ যোৱা শ্রমিকসকলৰ বিৰুদ্ধে অস্ত্র ব্যৱহাৰ কৰাতো মুখতাৰ জড়িত আছিল ।

এই সন্ত্ৰাসবাদী নেতাৰ মৃত্যুক আৰক্ষীৰ বৃহৎ সাফল্য বুলি কোৱা হৈছে । ইয়াৰ ফলত উপত্যকাত সন্ত্ৰাসবাদী কার্যকলাপো যথেষ্ট নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি প্রাথমিকভাৱে ধাৰণা কৰা হৈছে ।

Exit mobile version