Delhi Police :দিল্লীত বৈধ ভিছা অবিহনে অতিৰিক্ত সময় থকা ৩০ বিদেশীক বিতাৰিত

WhatsApp Image 2022 11 03 at 18.42.06

Delhi Police :

দেশৰ ৰাজধানী চহৰ দিল্লীত বৈধ ভিছা অবিহনে বসবাস কৰি থকা আফ্ৰিকাৰ কেইবাখনো দেশৰ ত্ৰিশজন নাগৰিকক বিতাৰিত কৰা হয় ৷

দিল্লীৰ দ্বাৰকা ,উত্তম নগৰ আদি অঞ্চলত এটিএছ, এণ্টি-নাৰ্কোটিক্স চেল, পি এছে অভিযান চলাই বিদেশী নাগৰিকক কেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

বৃহস্পতিবাৰে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সদৰি কৰা মতে বিতাৰিত হোৱা ৩০ জন লোকৰ ভিতৰত ২৭ জন নাইজেৰিয়ান ,দুজনৰ আইভৰী কোষ্টৰ আৰু এজন ইভইৰিয়েন নাগৰিক আছিল ৷ “তেওঁলোকে বৈধ ভিছা অবিহনে ভাৰতত অবৈধভাৱে থকাৰ অভিযোগ পোৱা গৈছিল ৷

আনহাতে আটক কৰাৰ পিছত তেওঁলোকক এফ আৰ আৰ অ’ৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল ৷ এফ আৰ আৰ অ’য়ে তেওঁলোকক বিতাৰিত কৰাৰ নিৰ্দেশনা জাৰি কৰে । সেই অনুসৰি ইতিমধ্যে তেওঁলোকক ডিটেনচন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে,” ।

Exit mobile version