Electricity : অভিনব পদ্ধতিৰে বিদ্যুৎ উৎপাদন কৰি গাঁৱৰ প্ৰতিঘৰ মানুহক পোহৰ বিলালে , দ্বাদশ উত্তীৰ্ণ এইজন যুৱকে ————-

037111fa 9087 4e82 bcda 095294f29dd0

Electricity :

বৰ্তমান সময়তো আমাৰ দেশত এনে কিছুমান গাঁও আছে ,য’ত এইপৰ্যন্ত বিদ্যুৎ সংযোগ হোৱা নাই । এনে অৱস্থাত স্বাভাৱিকতে গ্ৰাম্য সমাজৰ বাসিন্দাসকলে চৰম সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰে । এনে কঠোৰ সমস্যাৰ পৰা মুক্তি পাবলৈকে এজন ব্যক্তিয়ে অভিনব পদ্ধতিৰে বিদ্যুৎ উৎপাদন কৰি গ্ৰাম্য বিদ্যুৎৰ সমস্যা বহুখিনি লাঘৱ কৰিছে ।

মূলতে ঝাৰখণ্ডৰ দুলমি ব্লকৰ বায়াং গাঁৱৰ কেদাৰ প্ৰসাদ মাহাতোয়ে এই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে । পেশাত এগৰাকী বিদ্যুৎকৰ্মী কেদাৰ মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে পঢ়া । উল্লেখ্য যে তেওঁ বছৰ বছৰ ধৰি বিদ্যুৎতৰ সমস্যাত ভুগি আহিছিল । এনে অৱস্থাত নিজৰ লগতে সাধাৰণ মানুহৰ কষ্ট লাঘৱ কৰাৰ অৰ্থে নিজেই বিদ্যুৎ উৎপাদন কৰাৰ সিদ্ধান্ত লয় । বৰ্তমান ৩৩ বছৰ বয়সীয়া কেদাৰৰ এই অসাধ্য সাধন কৰিবলৈ ১৮ বছৰ সময় লাগিল ।

সুদীৰ্ঘ ১৮ বছৰে নিজৰ গাওঁখন আলোকিত কৰিবলৈ কৰা এই নেৰানেপেৰা চেষ্টাই অৱশেষত ৰং আনিলে । এই পদ্ধতিৰ যোগেদি কেদাৰে বৰ্তমান পাঁচ কিলোৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে । ২০০৪ চনত কেদাৰে এই কাম আৰম্ভ কৰিছিল । কিন্তু সেই সময়ত মাত্ৰ ১২ ভ’ল্ট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰপিছত তেওঁ অধিক পৰিশ্ৰম কৰি ২০১৪ চনত ১ কিলোৱাট বিদ্যুৎ উৎপাদন কৰি সকলোকে আচৰিত কৰি তোলে যদিও ১ কিলোৱাট বিদ্যুৎ উৎপাদন কৰি গোটেই গাওঁখন আলোকিত কৰিব পৰা নাছিল , তথাপি কেদাৰ হাৰি যোৱা নাছিল । অত্যন্ত জেদী স্বভাৱৰ কেদাৰে সম্পূৰ্ণ দেশীয় পদ্ধতিৰে চলিত বৰ্ষত পাঁচ কিলোৱাট বিদ্যুৎ উৎপাদন কৰি সমগ্ৰ গাওঁ পোহৰাই তুলিবলৈ সক্ষম হয় ।

কেৱল দ্বাদশ শ্ৰেণীলৈকে পঢ়া কেদাৰে এটা সময়ত ওৱাৰিঙৰ কাম কৰিছিল । ইয়াৰপৰাই যিখিনি উপাৰ্জন কৰিছিল সকলোখিনি এই উৎপাদন কামতে ব্যয় কৰিছিল । এইদৰেই তেওঁ বিদ্যুৎ উৎপাদনৰ কামত এতিয়ালৈকে প্ৰায় তিনি লাখ টকা ব্যয় কৰে । কেদাৰে এই বিদ্যুৎ উৎপাদনৰ বাবে চেনেগাদা নদীৰ কাষত এটা কেন্দ্ৰ স্থাপন কৰি সেই নদীৰ পানীৰ পৰাই এই বিদ্যুৎ প্ৰকল্প আৰম্ভ কৰিছিল ।

কিন্তু অতিবৃষ্টিৰ কাৰণে জলপৃষ্ঠ বাঢ়ি তেওঁৰ উৎপাদন কেন্দ্ৰটো ভাঙি পেলায় । এইসময়ত কেদাৰে নদীৰ মাজভাগত এটা চিমেন্টৰ পিলাৰ স্থাপন কৰি বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰে । সমান্তৰালকৈ নদীৰ পৰা পোৱা শক্তি মজুত কৰিবলৈ এটা বাঁহৰ কালভাৰ্টো নিৰ্মাণ কৰি লয় আৰু এদিন এই পাৱাৰ হাউচতে কেদাৰে পাঁচ কিলোৱাট বিদ্যুৎ মজুত কৰিবলৈ সক্ষম হয় । তেওঁৰ উৎপাদিত এই বিদ্যুৎতৰ পৰা ১০০ ৱাটৰ ৪০ ৰ পৰা ৪৫ টা ব্লাৱ সহজেই জ্বলাবলৈ সক্ষম হৈছে ।

অৱশ্যে কেদাৰৰ উৎপাদিত এই বিদ্যুৎ গাঁৱৰ সকলোৰে ঘৰত সংযোগ কৰিবলৈ সম্ভৱ হোৱা নাই । কাৰণ গাঁৱৰ প্ৰতিঘৰত এই বিদ্যুৎ সংযোগ কৰিবলৈ হ’লে বহুখিনি বিদ্যুৎতৰ খুটা আৰু তাৰৰ প্ৰয়োজন হ’ব । যিক্ষেত্ৰত কেদাৰে কৈছে যে , এই কামটো সম্পূৰ্ণ কৰিবলৈ হলে ৩০ ৰ ৩৫ লাখ টকা লাগিব । কিন্তু তেওঁৰ হাতত ইমান টকা নাই । গতিকে তেওঁ চৰকাৰক এই কাম সম্পূৰ্ণ কৰিবলৈ সহায়ৰ আহ্বান জনাইছে । যদি চৰকাৰে তেওঁক সহায় কৰে ,তেন্তে তেওঁৰ গাঁৱৰ আন্ধাৰ গলিবোৰ সহজেই আলোকিত হৈ উঠিব ।

Exit mobile version