Footpath :মহানগৰীৰ পদপদত অস্থায়ী দোকানৰ বিৰুদ্ধে কঠোৰ স্থিতি জিএমচিৰ

পুৱাৰে পৰা আৰম্ভ উচ্ছেদ অভিযান

81ea7853 99b1 4afd 9163 562ff91d4847

Footpath :

মহানগৰীৰ অধিকাংশ পদপথত একাংশ অস্থায়ী দোকানীয়ে দোকান- পোহাৰ খুলি পদপথৰ যাত্ৰীৰ বাবে অসুবিধাৰ সৃষ্টি হৈ আহিছিল৷সময়ে-সময়ে গুৱাহাটী পৌৰনিগম কৰ্তৃপক্ষই উচ্ছেদ অভিযান চলাই আহিছিল যদিও কেইদিন থিকেই থাকে ৷কিন্ত পৰৱৰ্তী সময়ত পুনৰ পদপথ দখল কৰি দোকান দিয়ে অস্থায়ী দোকানীয়ে ৷

শেহতীয়াকৈ এই সম্পৰ্কত পথচাৰীৰ পৰা বাৰম্বাৰ অভিযোগ পোৱাৰ পিছত বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত পুৱাই পদপথৰ অস্থায়ী দোকানসমূহ সমূহ ভাঙি দিয়া হয় ৷ উল্লেখ্য যে ১ নৱেম্বৰৰ পৰাই মহানগৰীৰ অবৈধ পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে জি এম চিৰ আয়ুক্তৰ নিৰ্দেশত পদপথত থকা অস্থায়ী দোকানসমূহ এফালৰ পৰা ভাঙি গৈছে জে চি বিয়ে ৷

Exit mobile version