Mermaid : সমুদ্ৰৰ তীৰত কোন এই মৎস্যকন্যা ?

d73ab391 0833 4014 8a86 c75004103f75

Mermaid :

মানুহৰ চিৰকালৰ এক অনন্য কল্পনা মৎস্যকন্যা । পৃথিৱীৰ সকলো দেশতে ৰূপকথাৰ কাহিনীত মৎস্যকন্যাৰ গল্প অলেখ আছে । বিজ্ঞানীয়ে প্ৰমাণ কৰিছে যে মৎস্যকন্যাৰ কোনো বাস্তৱিকতা নাই । ই কেৱল মানুহৰ মুখে মুখে চলি অহা গল্প বিশেষ ।

সকলোৰে অনুসন্ধিৎসুৰ বিষয় এই ৰূপকথাৰ মৎস্যকন্যাক লৈ বহুতো কাৰ্টুন ছবি বা চিনেমা নিৰ্মাণ হৈছে । গল্পৰ মৎস্যকন্যাৰ শৰীৰৰ ওপৰ অংশ মানুহৰ শৰীৰৰ দৰে আৰু তলৰ অংশ মাছৰ দৰে । কল্পনাৰ মৎস্যকন্যা সম্প্ৰতি এমা হাৰ্পাৰ নামৰ এগৰাকী মহিলাক জনা গৈছে ।

যাক Real – life ” Mermaid” বুলি অভিহিত কৰা হৈছে । তথ্য অনুসৰি ব্ৰিটেইনৰ কৰ্নওয়ালেৰ বাসিন্দা এমাৰ তিনিটা সন্তান আছে ‌। এমা এগৰাকী নামজ্বলা শিল্পী হোৱাৰ লগতে পেশাদাৰী সন্তৰবিদ । এমাই সমুদ্ৰৰ প্ৰায় ৬৫ কিলোমিটাৰ পৰ্যন্ত গভীৰলৈ গতি কৰিবলৈ সক্ষম হৈছে । ইয়াতে ক্ষান্ত নাথাকি এমাই গভীৰ পানীৰ তলত ৪ মিনিট পৰ্যন্ত শ্বাস -প্ৰশ্বাস বন্ধ কৰি ৰাখিব পাৰে ।

এমা আচলতে “স্কুবা ডাইভিং” প্ৰশিক্ষণপ্ৰাপ্ত আৰু প্ৰায় ১৫ কেজিতকৈ বেছি ওজনৰ পোচাক পিন্ধি সমুদ্ৰৰ গৰ্ভলৈ গতি কৰিব পাৰে । এমাই পিন্ধা পোচাকযোৰ পিছৰ অংশ একেবাৰে মাছৰ দৰে । পানীত এমাহ হুবহু ৰূপকথাৰ মৎস্যকন্যাৰ দৰে দেখি । অত্যন্ত ভাৰী চিলিকনেৰে তৈয়াৰী এই কৃত্ৰিম সাজ পিন্ধিয়েই এমাই সমুদ্ৰত সাঁতোৰে । সমুদ্ৰৰ গভীৰতা ভাল পোৱা এমাই কৈছে ,” পানীৰ তলত এখন অন্য পৃথিৱী আছে , যিখন আমাতকৈ সুন্দৰ আৰু পৰিষ্কাৰ ।” তেওঁলোকৰ দৰে আমিও পৰিবেশতন্ৰৰ ওপৰত সচেতন হোৱা উচিত ।

Exit mobile version