Mumbai Airport : মুম্বাই বিমানবন্দৰত টকাৰ উজান ! লাখে লাক্ষে ওলাইছে মাৰ্কিন ডলাৰ

4834d135 e803 4375 9631 a07a91ac77e8

Mumbai Airport :

মায়ানগৰী মুম্বাইৰ বিমানকোঠত টকাৰ উজান ৷ জাপে জাপে ওলাইছে টকা ৷ আপুনি শুনি নিশ্চয় আচৰিত হৈছে ৷ আচলতে টকা ওলাইছে ক’ত ৷

ডুবাইৰ পৰা ভাৰতলৈ অহা এটা পৰিয়ালক বিমানকোঠৰ শুল্ক বিভাগে সন্দেহবশতঃ তালাচি চলোৱাত মহিলাৰ শাৰী, জোতা আৰু ছুটকেছত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে প্ৰায় ৪ লাখ ৯৭ হাজাৰ মাৰ্কিন ডলাৰ ৷ ভাৰতীয় হিচাপত ৪ কোটি ১১ লাখ টকা ৷


ডুবাইৰ পৰা অহা পৰিয়ালটিৰ সদস্য সকল বিমানৰ পৰা নামি বিমানকোঠৰ মুলদ্বাৰেদি প্ৰস্থানৰ বাবে আহি থকা অৱস্থাত শুল্ক বিভাগৰ বিষয়াই আগভেটি ধৰি আটক কৰে৷ উল্লেখ্য ধৃত পৰিয়ালটিৰ মহিলা কেইগৰাকীয়ে শাৰীসমূহৰ ভাঁজ, জোতাৰ ভিতৰৰ চ’ল আৰু এটা ছুটকেছত কেইবালাখ মাৰ্কিন ডলাৰৰ বাণ্ডিলসমূহ লুকুৱাই আনিছিল ।

ইতিমধ্যে আটকাধীন তিনিওজনক গ্ৰেপ্তাৰ কৰি মুম্বাই আৰক্ষীয়ে হাজিৰ কৰে মুম্বাইৰ দণ্ডাধীশ আদালতত ৷ আদালতে তিনিওকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । অধিক তথ্য ৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Exit mobile version