Plant : টাবৰ ভিতৰত বিশ্বেৰ সৰ্বাধিক বিপজ্জনক গছ ! আমনি দূৰ কৰিবলৈ ৰোপণ কৰিছে গৃহশিক্ষকে

3b181192 ef94 46ce a54f 808ad3858e4f

Plant  :

বিশ্বৰ সৰ্বাধিক বিপজ্জনক গছ ! কেৱল মাত্র ঘৰতে থাকি আমনি লগাৰ বাবে ‘বিশ্বৰ সৰ্বাধিক বিপজ্জনক’ গছ ৰোপণ কৰিলে ব্রিটেইনৰ এজন বাসিন্দাই । এই ব্রিটিছ নাগৰিকজনৰ নাম ডেনিয়েল এমলিন-জ’নছ । ডেনিয়েলে ঘৰতেই ৰোপণ কৰিছে বিশ্বৰ সকলোতকৈ বিষাক্ত গছ ‘জিম্পি-জিম্পি’, যি ‘অষ্ট্ৰেলিয়ান ষ্টিচিং ট্রি’ নামেও পৰিচিত । এই গছৰ এটা কাঁইতে মাহৰ পাছত মাহ বিষ দিব পাৰে এজন সুস্থ-সৱল লোকক । আনকি এই গছৰ কাঁইট শৰীৰত বিন্ধিলে ইমানেই যন্ত্রণা হয় যে, মানুহৰ মনত আত্মহত্যাৰো চিন্তা আহে ।

সেই বিপদৰ কথা জানিও ৪৯ বছৰীয়া গৃহশিক্ষকগৰাকীয়ে তেওঁৰ ঘৰত ‘জিম্পি-জিম্পি’ গছ ৰোপন কৰিছে । অৱশ্যে ঘৰৰ ভিতৰত গছজোপা অতি সযত্নে আৰু সাৱধানে ৰখা হৈছে । গছজোপা সকললোৰে পৰা আঁতৰত এটা টাবৰ ভিতৰত ৰখা হৈছে । টাবৰ বাহিৰত ‘বিপজ্জনক’ লিখি সতর্কবার্তাও দিয়া হৈছে বুলিও ডেনিয়েলে জনাইছে ।

ডেনিয়েলে ব্রিটিছ সংবাদপত্র মেট্র’কে জনাইছে যে তেওঁ ঘৰত বহি বহি বিৰক্ত হৈ পৰিছিল । সেয়ে ঠিৰাং কৰে যে জীৱনত কিবা সাহসী কাম কৰিব । তাৰ পাছতেই ‘জিম্পি-জিম্পি’ ৰোপণৰ সিদ্ধান্ত লয় ।

কেনেদৰে ঘৰত ৰোপণ কৰিব পাৰে ‘বিশ্বৰ সৰ্বাধিক বিপজ্জনক গছ’ ? ডেনিয়েলে উত্তৰত কয়, ‘‘অনলাইনত এই গছৰ বীজ পোৱা যায় । অৱশ্যে এই গছ ৰোপণ কৰিবলৈ বিশেষ সতর্কতা অৱলম্বন কৰিব লাগিব । যি টাবত গছ ৰোপণ কৰিব, তাৰ বাহিৰত আন ক’তো যেন এই গছৰ বীজ নপৰে ।’’ যেতিয়া এই গছত কাঁইট হয় তেতিয়া, ঠাইডোখৰত এচিড ঢালি দিয়াৰ দৰে লাগে ।

অৱশ্যে এই গছৰ বীজ সস্তাত পোৱা নাযায় । ভাৰতীয় মুদ্রাত এই গছৰ এটা বীজৰ দাম প্রায় চাৰে তিনি হেজাৰ টকা ।

Exit mobile version