Akhil Gogoi : শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন

WhatsApp Image 2022 11 04 at 18.54.22 1

Akhil Gogoi :

চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ আজি বাংগালুৰুৰ নাৰায়ণা হেলথ চিটি হাস্পতালত সফলতাৰে সম্পন্ন হয় ৷

দেশৰ আগশাৰীৰ চিকিৎসলয়ত চিকিৎসাধীন হৈ থকা বিধায়ক জনক ডাঃ শ্ৰেচা শংকৰ মাইয়া আৰু ডাঃ কপিল কুমাৱটৰ নেতৃত্বত  চিকিৎসকৰ দলে অস্ত্ৰোপচাৰ কৰিছিল । অস্ত্ৰোপচাৰ সম্পন্নৰ পিছতে গগৈক বিশেষ পৰ্যবেক্ষণৰ বাবে চি চি ইউত ৰখা হৈছে ।

চিকিৎসালয় খনৰ অধীক্ষকে সদৰি কৰা মতে অখিল গগৈ সম্প্ৰতি বিপদমুক্ত ৷ কিছুদিন চিকিৎসালয়ত থকাৰ পিছতে তেওঁ ৰিলিজ কৰি দিয়া হ’ব ৷

Exit mobile version