Bright Star Investments :ৰাজ্য চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেন্টছৰ মাজত বুজাবুজি স্বাক্ষৰ

WhatsApp Image 2022 11 04 at 19.38.09

Bright Star Investments :

অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেন্টছৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। দিছপুৰ জনতা ভৱনত শুক্ৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠাত ৰাজ্যৰ মেডিকেল কলেজ সমূহৰ আন্তঃগাঁথনি মজবুত কৰাৰ বাবে ১৫০ কোটি টকাৰ বুজাবুজি চুক্তি পত্ৰ স্বাক্ষৰিত হয়।

চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, “২০২৪ বৰ্ষৰ ভিতৰত গুৱাহাটীত প্ৰাগজ্যোতিষ নামেৰে দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব আৰু শিক্ষাৰ্থীসকলৰ পাঠদান আৰম্ভ কৰা হ’ব।

লগতে আগন্তুক ৫ বছৰৰ ভিতৰত ৰাজ্যত ২৪ খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব। য’ত ২৭০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব পাৰিব।”

উল্লেখ্য যে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেন্টছ প্ৰাইভেট লিমিটেড আৰু চৰকাৰৰ মাজতে সন্হাটোৱে মুখ্যমন্ত্রীৰ হাতত ৫ কোটি টকাৰ চেক অৰ্পণ কৰে।

আজিৰ এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটাৰ আৰু প্ৰতিষ্ঠাপক শ্ৰাধাকৃষ্ণন দামানি, দামানি ফাউণ্ডেশ্যনৰ মুখ্য চি এছ আৰ বিষয়া মধু চন্দক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা আয়ুক্ত- সচিব সিদ্ধাৰ্থ সিঙো উপস্থিত থাকে।

Exit mobile version