Coronavirus Outbreak : চীনত পুনৰ কৰ’নাৰ সংহাৰী ৰূপ

আইফোন কাৰখানা চৌহদত সাতদিনীয়া লকডাউন ঘোষণা

1200x 1

Coronavirus Outbreak :

দুবছৰ পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ উহান প্ৰদেশৰ পৰা সংক্ৰমণ হোৱা ক’ৰনা মহামাৰীয়ে সমগ্ৰ বিশ্বত সংহাৰী ৰূপ লোৱাত মৃত্যুমুখত পৰিছিল কেইবাকোটি লোক৷বিশ্ব অৰ্থনীতি বিধস্তপ্ৰায় হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে কৰ’ণা বিধ্বস্ত দেশসমূহ ৷

কিন্তু শেহতীয়াকৈ চীনৰ কে’বাখনো প্ৰদেশত কৰ’নাই পুনৰ লৈছে সংহাৰী ৰূপ ৷ দেশখনৰ বাণিজ্যিক চহৰ ঝেংঝৌত কৰ’নাত অৰ্ধ শতাধিক লোক আক্ৰান্ত হোৱাৰ পিছতে উদ্যোগিক পামত মানহৰ সমাগম নিষিদ্ধ কৰিছে সংশ্লিষ্ট প্ৰশাসনে ৷

অঞ্চলটোত থকা এপল ইনক আইফোনৰ কৰ্মচাৰীসকলে কাৰখানালৈ যোৱাটো বন্ধ কৰাত একপ্ৰকাৰ স্থবিৰতা আহি পৰিছে ঔদ্যোগিক অঞ্চলটোৰ সৰ্ববৃহৎ কাৰখানাটোলৈ ৷ অৱশ্যে প্ৰশাসনে লকডাউন ঘোষণা কৰা নাই ৷

উল্লেখ্য যে ঝেংঝৌ বিমানকোঠৰ কাষতে থকা ফক্সকন কাৰখানাত ক’ৰনাৰ সংক্ৰমণৰ বাঢ়ি অহা প্ৰাদুৰ্ভাৱৰ ঘটনাক লৈ শংকিত হৈ পৰিছিল আইফোন কৰ্তৃপক্ষ ৷ যাৰবাবে কোম্পানী কতৃৰ্পক্ষই এসপ্তাহৰ বাবে কোম্পানী চৌহদত ঘূৰি ফুৰা নিষিদ্ধ কৰিছে ৷ অৱশ্যে খাদ্য সামগ্ৰী আৰু চিকিৎসা সামগ্ৰী বিতৰণ কৰাৰ লগত জড়িত সকলে অহা-যোৱা কৰিব পাৰি বুলি নিৰ্দেশনাটোত কোৱা হয় ৷

ঝেংঝৌৰ মুঠ জনসংখ্যা প্ৰায় ১.২৫ কোটিৰ বিপৰীতে কৰ’ণা আক্ৰান্ত হৈছে ২৯৪ জন লোক ৷ চীনৰ কৰ’নাৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলসমূহত একপ্ৰকাৰ অঘোষিত লকডাউন হৈ পৰিছে ৷ কেতবোৰ অঞ্চলৰ পৰা জনসাধাৰণৰ পলায়ন কৰিছে নিৰাপদ ঠাইলৈ ৷

Exit mobile version