Falling Dream : গভীৰ নিদ্ৰাত আপুনি শূণ্যত পৰি গৈছে নেকি ? কিন্তু কিয় এনে হয় আৰু ইয়াক কি বুলি কয় ?

জানিবলৈ পঢ়ক -----

slide1 falling 0 1518561062

Falling Dream :

কৰ্মব্যস্ত জীৱনত গোটেই দিনটো কামৰ মাজত থকাৰ পিছত ঘৰখনলৈ একমাত্ৰ জিৰণি অৰ্থাৎ টোপনিৰ বাবেই অহা হয় । নিশাটো ভালকৈ শোৱাৰ পিছত শৰীৰটোয়ে পুনৰ কাম কৰাৰ শক্তি আহৰণ কৰি নতুন উদ্যমৰ সৃষ্টি কৰে । কিন্তু শৰীৰক জিৰণি দিবৰ বাবে আমি যেতিয়া গভীৰ নিদ্ৰাত পৰো, তেতিয়া নিদ্ৰাৰ মাজতে হঠাৎ অহা এটা জোকাৰণিয়ে আমাৰ টোপনি ভাঙি দিয়ে ।

সাধাৰণতে সকলো মানুহৰে এই সমস্যা আহে । কোনো কোনোৰ আকৌ টোপনিৰ মাজতে শূণ্যত পৰি যোৱাৰ দৰে অনুভৱ কৰে । এতিয়া কথা হ’ল , টোপনিৰ মাজত মানুহৰ এনে ঘটনা কিয় হয় ? এই বিষয়ে জানিবলৈ সকলোৰে নিশ্চয় কৌতূহলৰ সৃষ্টি হৈ আহিছে !

টোপনিৰ মাজত হঠাৎ চাৎকৈ সাৰ পাই উঠা , পৰি যোৱাৰ দৰে ভাৱ হোৱা, এই সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘হিপনিক জাৰ্ক’ বুলি কয় । অৱশ্যে বহুতেই ইয়াক মায়োক্ল’নিক জাৰ্ক বা শ্লিপ চুইচ বুলিও কয় ।

মূলতে তন্দ্ৰামগন অৱস্থাত এই ঘটনা ঘটে । টোপনি যেতিয়া পাতল হয় , তেতিয়া মানুহে সপোন দেখিবলৈ আৰম্ভ কৰে । কিন্তু মস্তিষ্কৰ চেৰিব্ৰাম কৰ্টেক্স অংশটো কেতিয়াবা কেতিয়াবা তৎক্ষণাত কোনো সংকেত বুজি নাপায় । ফলত মস্তিষ্কৰ সংকেত পৰিবহনত খেলি-মেলিৰ সৃষ্টি হয় ।

অৰ্থাৎ মস্তিষ্কৰ স্নায়ু সংবেদ পৰিবহনকাৰী পদাৰ্থ বা নিউৰ’ট্ৰান্স্মিটাৰৰ স্থিতিশীলতা নষ্ট হ’লেই ‘হিপনিক জাৰ্ক’ হ’বলৈ আৰম্ভ কৰে ।

অৱশ্যে কিছু কিছু লোকৰ ক্ষেত্ৰত বিশেষ কিছুমান ৰাসায়নিকৰ মাত্ৰা বাঢ়ি গ’লেও , শৰীৰত এই ধৰণৰ সমস্যা অহা দেখা যায় । মস্তিষ্কই এই সকলো কথা বুজি উঠাৰ সময়তে নিজৰ মতে লোকজনক জগাই তোলাৰ চেষ্টা কৰে আৰু তেতিয়াই ‘হিপনিক জাৰ্ক’ হয় ।

ক্যাফিন বা নিকেটিনযুক্ত চাহ , কফি বেছি খালে, অতিৰিক্ত দুশ্চিন্তা ও মানসিক চাপৰ বাবে, মেগনেছিয়াম , আয়ৰণৰ দৰে কিছুমান উপাদানৰ অভাৱ হ’লে এই সমস্যাৰ আশংকা বৃদ্ধি পায় । সাধাৰণতে টোপনি যোৱা অৱস্থাত এই ‘হিপনিক জাৰ্ক’ হয় যদিও আধা টোপনিতহে এই সমস্যা বেছিকৈ হয় ।

অত্যাধিক ক্লান্তিৰ বাবেও এই সমস্যাৰ সৃষ্টি হ’ব পাৰে । মূলত ক্লান্তিৰ কাৰণে শৰীৰটো আকস্মিকভাৱে নিস্তেজ হয় আৰু যাৰবাবেই এই সমস্যাই দেখা দিয়ে । বিপৰীতে সকলো স্বাভাৱিক থাকিলে এনে সমস্যা বিৰল বুলি দাবী কৰিছে বিজ্ঞানীৰ দলে ।

বি:দ্ৰ: উপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও জটিল সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চনীয় ।

Exit mobile version