Crime : নৱম শ্ৰেণীৰ ছাত্ৰৰ গুলীত আঘাতপ্ৰাপ্ত সপ্তম শ্ৰেণীৰ ছাত্ৰ !

Crime :

বিদ্যালয়ৰ ভিতৰত এজন ছাত্ৰক লক্ষ্য কৰি গুলিচালনা কৰে অন্য এজন ছাত্ৰই ! ফলস্বৰূপে, সপ্তম শ্ৰেণীৰ লৰাজন আঘাতপ্ৰাপ্ত হয় । এই ঘটনাটো শুক্ৰবাৰে ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ঢোলপুৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত গুলীচালনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মৌৰলি গাঁৱৰ বিদ্যালয়খনত এজন সপ্তম শ্ৰেণীৰ ছাত্ৰক লক্ষ্য কৰি গুলিচলনা কৰা হয় আৰু ছাত্ৰজন আঘাতপ্ৰাপ্ত হয় ।

গুলিচালনা কৰাৰ অভিযোগ উঠিছে নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ বিৰুদ্ধে । বিদ্যালয়ৰ ভিতৰত ছাত্ৰজনৰ হাতত বন্দুকটো কেনেকৈ আহিছিল সেয়া এতিয়াও জানিব পৰা নাই। আৰক্ষীয়ে ইতিধ্যেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আহত ছাত্ৰজনৰ পৰিয়ালে অভিযুক্ত ছাত্ৰজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আহত ছাত্ৰজনক জয়পুৰৰ এছএমএছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে জনাই যে এই ঘটনাটো কিয় সংঘটিত হৈছিল তাৰ অনুসন্ধান কৰি আছে।

Exit mobile version