জামতাৰা গেঙৰ উতপাত বৃদ্ধি পাইয়ে আছে । ভিন ৰাাজ্যৰ পৰা অহা অচিনাকি নম্বৰৰ ফোনে কেতিয়াবা মোবাইলৰ ছিম আপডেট কৰিবলৈ কয়, কেতিয়াবা বেংকৰ নাম লৈ কেৱাইচি তথ্য বিচাৰে । আকৌ নানা প্রলোভনৰ ফান্দতো পেলাইছে দুষ্কৃতীকাৰীয়ে । যিয়ে এই ফান্দত ভৰি দিয়ে অনেকেই মুহূর্তৰ ভিতৰতে সর্বস্ব হেৰুৱাইছে । সমগ্ৰ দেশতেই এই দুষ্কৃতীচক্র দিনক দিনে সক্রিয় হৈ উঠিছে । দৈনন্দিন অজস্র অভিযোগ জমা হৈছে প্রতিখন ৰাজ্যত । সেইসমূহ প্রতিবেদনক কেন্দ্রীভূত কৰিবলৈ ২০১৯ত উদ্যোগী হয় কেন্দ্র । কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ অধীনত তৈয়াৰ হয় ‘দ্য নেছনেল চাইবাৰ ক্রাইম ৰিপ’ৰ্টিং প’র্টেল’ । এইবাৰ সেই প’র্টেলক আৰু কার্যকৰী কৰিবৰ বাবে উদ্যোগী হৈছে কেন্দ্রীয় চৰকাৰ । অমিত শ্বাহৰ দপ্তৰে সাধাৰণ জনতাক ফোনত এছএমএছ পঠাই সতর্ক কৰিছে ।
পূৰ্বে এই প’র্টেলত অভিযোগ নথিবদ্ধ কৰাৰ লগতে ফোনো কৰা যায় । আগতে টোল ফ্রি ১৫৫২৬০ নম্বৰত ফোন কৰি অভিযোগ জনাহ পাৰিছিল । এতিয়া সেই নম্বৰটোৰ পৰিৱৰ্তন হৈছে । গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে, এতিয়াৰ পৰা ১৯৩০ নম্বৰত দিন বা নিশা যিকোনো সময়ত ফোন কৰি অভিযোগ জনাহ পাৰিব । আকৌ কোনোৱে ৰাজ্য আৰক্ষীক অভিযোগ জনাব বিচাৰিলে প্রতিটো ৰাজ্যৰ সংশ্লিষ্ট আৰক্ষী বিষয়াৰ নাম আৰু যোগাযোগৰ নম্বৰ দি দিয়া হৈছে ।
বেংকৰ টকা লোতপাত হ’লেই কেৱল নহয়, অন্যান্য যিকোনো প্ৰকাৰৰ চাইবাৰ ক্রাইমৰ ক্ষেত্রতেই কেন্দ্রৰ এই প’র্টেলত অভিযোগ জনাব পাৰি । মহিলা, আৰু শিশুসকলৰ বিৰুদ্ধে কোনো দুষ্কর্মৰ ক্ষেত্রতো অভিযোগ জনোৱাৰ ঠিকনা এই প’র্টেলত আছে । গৃহ মন্ত্রণালয়ে বিচাৰিছে, আর্থিক গোলমালৰ ক্ষেত্রত এই প’র্টেলত যাতে মানুহে অৱশ্যেই অভিযোগ নথিবদ্ধ কৰে । কাৰণ, ইয়াত অভিযোগ জনালে তদন্তৰ ক্ষেত্রত বিভিন্ন বেংক আনকি ৰিজার্ভ বেংকেও অংশ ল’ব পাৰে ।
কেৱল সমস্যা হ’লে সমাধান নহয়, যাতে কোনো প্রতাৰকৰ ফান্দত নপৰে তাৰ বাবেও প্রচাৰ চলোৱা হয় এই প’র্টেলৰ মাধ্যমত । তাত কোৱা হৈছে সতর্ক থাকিবৰ বাবে কি কি নিয়ম অৱশ্যেই মানি চলিব লাগিব । বেংক সংক্রান্ত নথিৰ পৰা ব্যাক্তিগত তথ্য গোপন ৰখাৰ লগতে অচিনাক্ত ব্যক্তিক সহজে বিশ্বাস কৰা ঠিক নহয় বুলিও জনোৱা হৈছে কেন্দ্রৰ এই প’র্টেলত । লগতে সতর্ক কৰা হৈছে, নির্ভৰযোগ্য নহয়, এনে মোবাইল এপ্ ব্যৱহাৰ কৰিব নালাগে । কোৱা হৈছে, কোনোৱে কোনো প্রলোভন দেখালেই সেয়া বিশ্বাস কৰাটোৱে অধিকাংশৰ ক্ষেত্রত সুবিধা কৰি দিছে প্রতাৰকসকলক । দাবী কৰা হৈছে, সাধাৰণৰ সচেতনতাৰ অভাৱেই প্রতাৰকসকলৰ অস্ত্র ।