Life Hack : আপোনাৰ পুৰণা আৰু লেতেৰা হৈ পৰা কেৰাহীখন কেনেকৈ পৰিষ্কাৰ কৰিব ?

aluminium kadhai cleaning at home remedies

Life Hack :

পৰিষ্কাৰ-পৰিচ্ছন্ন এখন ঘৰ সকলোৱেই ভাল পায় । তাতে ৰান্ধনী ঘৰটো পৰিষ্কাৰ হৈ থাকিলে গৃহিনীগৰাকীয়ে অত্যন্ত গৰ্ববোধ কৰে । বাচন-বৰ্তন পৰিষ্কাৰ কৰাৰ বিভিন্ন পদ্ধতি হয়তো আপুনি জানে । কিন্তু আজি আমি আপোনালোকক এখন পুৰণা আৰু লেতেৰা হৈ পৰা কেৰাহী সহজে কেনেকৈ পৰিষ্কাৰ কৰিব পাৰি , সেইবিষয়ে উল্লেখ কৰিম ।

ঘহি ঘহি পৰিষ্কাৰ কৰাতকৈ এই পদ্ধতিৰে আপুনিও আপোনাৰ কেৰাহীখন সহজেই পৰিষ্কাৰ কৰিব পাৰিব । আপোনাৰ ক’লা পৰি যোৱা কেৰাহীখনত কোনোধৰণৰ চাবোন , ৱাচিং পাউদাৰ বা এচিদ ব্যৱহাৰ নকৰাকেও পৰিষ্কাৰ কৰিব পাৰিব । তাৰবাবে আপোনাক একুৰা জুইৰ প্ৰয়োজন হ’ব । অৰ্থাৎ জ্বলি থকা জুইৰ চৌকাত লেতেৰা কেৰাহীখন ওলোটাই থৈ দিয়ক ।

কিন্তু এনেকৈ ৫-৭ মিনিট কেৰাহীখন থৈ দিলে জুইৰ উত্তাপত প্ৰচণ্ড ধোঁৱা ওলাব যদিও প্ৰায় ২০ মিনিটৰ পিছত সেই ধোঁৱা নাইকীয়া হৈ যাব । ক্ৰমাৎ কেৰাহীখন ঠাণ্ডা হোৱাৰ পিছত দেখিব যে , আপোনাৰ লেতেৰা ক’লা কেৰাহীখনৰ পৰা বহুখিনি ময়লা এৰাই গৈছে । অৰ্থাৎ কেৰাহীত লাগি থকা ময়লাখিনি চাই হৈ এৰাই গৈছে । এনেকৈ চাইবোৰ পৰোতে পৰোতে এটা সময়ত দেখিব যে , আপোনাৰ কেৰাহীখন চকুৰ সন্মুখতে চকচকীয়া বগা হৈ পৰিছে ।

অৱশ্যে এই কাম কৰোতে আপুনি যথেষ্ট ধৈৰ্যশীল হ’ব লাগিব । যিহেতু ধৈৰ্য্য নাথাকিলে এই কাম আপোনাৰ দ্বাৰা সম্ভৱ নহ’ব । এইধৰণৰ কামৰ বাবে আপোনাক কমেও ডেৰ ঘণ্টা সময় লাগিব । ইয়াৰ লগে লগে আপুনি কেৰাহীখন ওলোটাই ইফাল-সিফাল কৰি থাকিব লাগিব , যাতে কেৰাহীখন সম্পূৰ্ণৰূপে জ্বলি যায় । যেতিয়া আপোনাৰ কেৰাহীখন সম্পূৰ্ণ ছাইয়ে আৱৰি ধৰিব , তেতিয়া আপুনি জানিব যে , কেৰাহীখন সম্পূৰ্ণৰূপে চাফা হৈ গৈছে । অৰ্থাৎ কেৰাহীখনৰ সেই লেতেৰা আৱৰণখিনি নিজে নিজেই এৰাই আহিব ।

বি:দ্ৰ: এই পদ্ধতিটো সম্পূৰ্ণৰূপে ঘৰুৱা পদ্ধতি যদিও জুইৰ ক্ষেত্ৰত সকলো সাৱধান হৈ থাকিব লাগে । অন্যথা জুইৰ পৰা বিপদ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ।

Exit mobile version