Nagaon Sp: দুৰ্নীতিৰ অভিযোগ উঠা আৰক্ষী বিৰুদ্ধে নগাঁৱত আৰম্ভ একশ্যন

WhatsApp Image 2022 11 05 at 20.27.56

Nagaon Sp :

দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্য সচিব -ডিজিপিৰ উপস্থিতিত গুৱাহাটীত ডিচি আৰু এছপিৰে অনুষ্ঠিত বৈঠকত দুৰ্নীতিৰ অভিযোগ আৰু সুৰাপায়ী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত হৈছিল ৷

তাৰ পিছতে আৰক্ষী সঞ্চানক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক কাম নকৰা,সুৰাপায়ী আৰু দুৰ্নীতিৰ অভিযোগ উঠা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল ৷

আজি নগাঁৱত আৰক্ষীৰ বিৰুদ্ধে আৰম্ভ হ’ল একশ্যন ৷ ড্ৰাগছ মাফিয়া,গো- মাফিয়াৰে সম্পৰ্ক থকাৰ লগতে দুৰ্নীতিৰ অভিযোগ উদ্থাপিত হোৱা তিনিজনকৈ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে নগাঁও আৰক্ষী অধীক্ষক লীনা দলৈৱে ৷

জিলা খনৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ উপ-পৰিদৰ্শক সঞ্জীৱ লাহন, মৰিকলং নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফিৰোজ দলৈ আৰু খাটোৱাল আৰক্ষী থানাৰ অ’চি চেনিৰাম পেগুক আজি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আৰক্ষী অধীক্ষকে ৰিৰ্জাভ ক্ল’জ কৰে ৷

Exit mobile version