Assam Skill University :মঙলদৈত অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠান

ভূমি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

WhatsApp Image 2022 11 06 at 20.31.45 2

Assam Skill University :

উত্তৰ-পূবাঞ্চলৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমিপূজন দেওবাৰে কৰা হয় ৷ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ।

এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি ৰূপে ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় ,মঙলদৈত স্থাপন হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ে দক্ষতা বিকাশ আৰু শিক্ষণৰ বাবে সমৰ্পিত এক বিশ্বমানৰ কেন্দ্ৰ হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিব। এছিয়ান ডেভেলপমেণ্ট বেংকৰ পুঁজিৰে ১,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে ৰাজ্যক দেশৰ এখন প্ৰগতিশীল ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ লগতে মানৱ সম্পদ গঢ়াত অৰিহণা যোগাব বুলি আশা কৰে।

ভূমি পূজন অনুষ্ঠানত মন্ত্ৰীত্ৰয় জয়ন্ত মল্লবৰুৱা, ইউ জি ব্রহ্ম, চন্দ্রমোহন পাটোৱাৰী সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটা, বিধায়কসকল বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, মুজিবুৰ ৰহমান, দুর্গা দাস বড়ো, অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে ,এচিয়ান ডেভেলেপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যত প্ৰায় ১০০০ কোটি টকা ব্যয় সাপেক্ষে মঙলদৈত নিৰ্মাণ হ’বলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ত একেলগে অধ্যয়ন কৰিব পাৰিব দহ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে |

২০২৪ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলগীয়া বিশ্ববিদ্যালয় খনত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ পাঠ্যক্ৰম | ইতিমধ্যে ৰাজহ বিভাগৰ নিৰ্দেশত উপায়ুক্তই বিশ্ববিদ্যালয় খনৰ বাবে আৱন্টন দিয়া হয় ২৫০ বিঘাৰ সুবিশাল প্ল’ট ৷

স্মতৰ্ৱ্য যে, দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ মুল পাঠ্যক্ৰম সমূহ হ’ব বৃত্তি প্ৰস্তুত দক্ষতা, প্ৰামাণিক শিক্ষণ, চেম্পিয়ন শিক্ষা,স্ব-নিযুক্তি ৷

Exit mobile version