Maobadi: ওড়িশাত চন্দপতন মাওবাদীৰ !

ছয় শতাধিক মাওবাদী মুলসুঁতিলৈ

WhatsApp Image 2022 11 06 at 16.28.31

Maobadi:
দেশৰ শান্তি প্ৰিয় ৰাজ্য হিচাপে পৰিচিত ওড়িশাৰ বনাঞ্চলীয় কেতবোৰ অঞ্চলত মাওবাদী সংগঠন সমূহে দীৰ্ঘদিন ধৰি কুটাঘাটমূলক কাৰ্যকলাপ চলাই আহিছিল ৷

কিন্ত শেহতীয়াকৈ ওড়িশা আৰু অন্ধ প্ৰদেশৰ সীমান্ত বসবাস কৰা প্ৰায় ৬৫০ জনকৈ মাওবাদী সমৰ্থকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ।

আত্মসমৰ্পণ কৰা মাওবাদী সকল ওড়িশাৰ মালকানগিৰি জিলাৰ স্বাভিমান জ’নৰ চেতনা নাট্য মণ্ডলীৰ সদস্য আছিল ।
উল্লেখ্য যে চেতনা নাট্য মণ্ডলী চিপি আই ( মাওবাদী)ৰ স’তে জড়িত এটা সাস্কৃতিক অনুষ্ঠান ৷

ওড়িশা আৰক্ষীৰ উপ- মহাপৰিদৰ্শক ৰাজেশ পণ্ডিতে সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা মতে আত্মসমৰ্পণ কৰা মাওবাদী সমৰ্থক সং-গোপনে সহায় কৰি আহিছিল ৷

আজি আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰি মাওবাদী মুৰ্দাবাদ বুলি শ্ল’গান দিয়াৰ লগতে মাওবাদীৰ ইউনিফৰ্ম পৰ্যন্ত জ্বলাই দিয়ে ৷
মাওবাদীৰ স্বাভিমান জ’নৰ চেতনা নাট্য মণ্ডলীৰ সমৰ্থক আছিল ১৮২খন গাওঁৰ ৰাইজ ৷ মনকৰিবলগীয়া যে চলিত বৰ্ষৰ আৰম্ভণিতে স্বাভিমান জ’নৰ একাধিক সমৰ্থকে আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিছিল  ৷

Exit mobile version