Himanta Biswa Sarma : ত্ৰিপুৰাত উপস্থিত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

বিজেপিৰ বুথ কমিটিৰ বৈঠকত অংশগ্ৰহণ

WhatsApp Image 2022 11 07 at 15.51.53

Himanta Biswa Sarma :

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত শাসনাধিষ্ঠ বিজেপিয়ে দলীয় সাংগাঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ আৰম্ভ কৰিছে ব্যাপক তৎপৰতা ৷

ৰাজ্য খনৰ বিগত বিধানসভা নিৰ্বাচনত মুখ্য ভূমিকা পালন কৰা নেডাৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে আজি দুপৰীয়া উপস্থিত হয় ত্ৰিপুৰাত ৷ আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানকোঠত মুখ্যমন্ত্ৰী শৰ্মাক আদৰণি জনায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড:মাণিক সাহা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজিৱ ভট্টাচাৰ্যই ৷

ইয়াৰ পৰা পোনে পোনে উপস্থিত হয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৷ ত্ৰিপুৰা বিজেপিৰ বুথ পৰ্যায়ৰ কমিটি সমূহৰ কাৰ্যকৰ্তা সন্মিলন খনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই উদাত্ত কন্ঠৰে কয়,বিগত দিনত দলক শাসনৰ গাদীলৈ আনি দিয়াৰ দৰে এইবাৰো নিৰ্বাচনত বিপুল ভোটত জয়ী কৰাৰ ক্ষেত্ৰত বুথ কমিটিৰ দায়িত্ব অপৰিসীম ৷

ৰাজ্য চৰকাৰে কৰা বিভিন্ন জনকল্যাণ মুলক কামকাজ সমূহৰ ক্ষতিয়ান ৰাজ্যবাসীৰ ওচৰলৈ নি জনসাধাৰণৰ অকুন্ঠ সমৰ্থন আদায় কৰাটো প্ৰতিজন কাৰ্যকৰ্তাৰ দায়িত্ব ৷ সেয়েহে আগন্তুক নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে গাওঁ- চহৰ সকলোতে বুথ কমিটি সমূহে ব্যাপক প্ৰচাৰাভিযান চলাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

সভাখনত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড:মাণিক সাহা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজিৱ ভট্টাচাৰ্য,প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ বিপ্লৱ দেৱ, দলৰ ৰাজ্যিক প্ৰভাৰি ড:সমবিত পাত্ৰ,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক, উপ- মুখ্যমন্ত্ৰী বি দেৱবাৰ্মা,বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মহেন্দ্ৰ সিং সহ কেইবা গৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷

Exit mobile version