Nita Ambani: চাহৰ কাপৰ পৰা বেগৰ লৈকে , নীতা অম্বানীৰ চখৰ কথা শুনিলে আপুনিও হ’ব আচৰিত

Nita ambani

Nita Ambani :

দেশৰ অন্যতম ধনাঢ্য ব্যক্তিৰ পত্নী তেওঁ । লগতে তেওঁ মুম্বাই ইণ্ডিয়ানছ ক্ৰিকেট দলৰ স্বতাধিকাৰীও । সেইয়ে নীতা আম্বানীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ বহুতো লোক আগ্ৰহী।

তেওঁৰ সাজ-পোছাকো পৃথকে চোৱা হয়। শাৰী বা লেহেঙ্গা – সকলো পোছাকতে আকৰ্ষণীয় হৈ উঠে মুকেশৰ পত্নী । এইটো দাবী কৰা হৈছে যে নিতাই পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানী খায়।

৭৫০ মিলিলিটাৰ পানীৰ বটলৰ মূল্য প্ৰায় ৬০ হেজাৰ ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ৪৪ লাখ টকাতকৈও অধিক। নিতাৰ পানী বটল ফ্ৰান্স আৰু ফিজিৰ পৰা আহে।

শুনা যায় যে এই খোৱা পানী সোণালী ছাইৰ স’তে মিহলি কৰা হৈছে। ইয়াত প্ৰায় পাঁচ গ্ৰাম সোণ আছে। যিটো মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ। সেইকাৰণে এই পানী মূল্যৱান।

ইয়াতেই শেষ নহয়। পুৱা শুই উঠি তেওঁ চুমুক দিয়া চাহৰ কাপটোৰ মূল্য তিনি লাখ টকা। তেঁওৰ বিভিন্ন চখৰ ভিতৰত এটা। তেওঁ জাপানৰ আটাইতকৈ পুৰণি বাচন নিৰ্মাণ কোম্পানীৰ পৰা ২২ কেৰেট সোণ আৰু প্লেটিনামৰ এটা ক্ৰোকাৰী ছেট
নিজৰ বাবে ক্ৰয় কৰে। যিটোৰ মূল্য ১.৫ কোটি টকা।

ঘড়ীলৈয়ো তেওঁ যথেষ্ট চৌখিন । তেওঁৰ সংগ্ৰহত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ঘড়ী নিৰ্মাণ কাৰী কোম্পানী যেনে বুলগাৰী, ৰাডো, গুচি, কেলভিন ক্লেইন, ফচিলেৰ ঘড়ী অন্তৰ্ভুক্ত আছে। হেণ্ডবেগৰ প্ৰতি নীতা আম্বানীৰ প্ৰেমো বেলেগ।

২০১৭ চনত, ইউকেৰ ক্ৰিষ্টিজত নিলামৰ বাবে যোৱা এটা ঘড়িও তেওঁ ক্ৰয় কৰে। এই তালিকাত আৰু বহুতো আছে। যাৰ বেছিভাগৰ মূল্য প্ৰায় ৩০ লাখ টকা।

তেওঁৰ জোতাৰ পছন্দো সম্পূৰ্ণ বেলেগ। নীতা আম্বানীৰ জোতাৰ সংগ্ৰহ ‘পাদ্ৰো’, ‘গ্ৰেচিয়া’ৰ দৰে প্ৰখ্যাত বিদেশী কোম্পানীবোৰে ভৰি আছে । সূত্ৰঅনুসৰি, নিতাই কেতিয়াও একেজোতা দুবাৰ নিপিন্ধে ।

Exit mobile version