Tanzania Plane Crash : তানজানিয়াত বিমান দুর্ঘটনা, মৃত প্ৰায় ১৯

127533367 air1 004

Tanzania Plane Crash :

তানজানিয়াৰ বিমান ভাঙি প্ৰায় ১৯ জনৰ মৃত্যু হৈছে বুলি জনাইছে প্রশাসনে । দেওবাৰে আফ্রিকাৰ এই দেশখনৰ সৰ্ববৃহৎ বেচৰকাৰী বিমান সংস্থাৰ এখন যাত্রীবাহী বিমান ভাঙি পৰে । বতৰ দুর্যোগৰ বাবে জৰুৰী অৱতৰণ কৰাৰ সময়তে আফ্রিকাৰ সৰ্ববৃহৎ হ্রদ লেক ভিক্ট’ৰিয়াৰ পানীত পৰে বিমানখন ।

বিমানত সেই সময়ত ৪৩ জন যাত্রী আছিল বুলি জনাইছে প্রশাসনে । তেওঁলোকৰ অনেককে উদ্ধাৰ কৰা হৈছে যদিও ১৯ জন পানীৰ তলত আবদ্ধ হৈ যায় । স্থানীয় প্রশাসনে জানিয়েছে, বাকীসকলৰ চিকিৎসা অব্যাহত আছে হাস্পাতালত । অৱশ্যে উদ্ধাৰ হোৱা যাত্রীসকলৰ অনেকৰেই অৱস্থা সংকটজনক ।

তানজানিয়াৰ এই বিমান সংস্থাটোৰ নাম প্রিচিছন এয়াৰ । দুর্ঘটনাগ্রস্ত বিমানখনৰ নাম পি-৪৯৪ । বিমান সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে বতাহ বৰষুণৰ বাবে বিমানখন জৰুৰী অৱতৰণ কৰিব বিচাৰিছিল বুকাবু বিমানবন্দৰত । কিন্তু ইয়াৰ পূৰ্বেই বিমানখনে নিয়ন্ত্রণ হেৰুৱাই লেক ভিক্ট’ৰিয়াত ভাঙি পৰে ।

Exit mobile version