CAA : শীঘ্রে দেশজুৰি ‘কা’ প্ৰৱৰ্তন হোৱাৰ সম্ভাৱনা

WhatsApp Image 2022 11 08 at 19.47.58

CAA :

গুজৰাট নিৰ্বাচনৰ পূৰ্বে নতুনকৈ সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত চিন্তা-চৰ্চা আৰম্ভ কৰিছে কেন্দ্র‌ই । ২০১৯ত সংসদত এই বিল পাছ হয় যদিও মোদী (Narendra Modi) চৰকাৰে এতিয়াও কার্যকৰ কৰি তুলিব পৰা নাই ।

ইয়াৰ নেপথ্যত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেশজুৰি যি বিক্ষোভ হৈছিল, তাৰ প্রভাৱ আছে বুলি ধাৰণা কৰা হয় । কিন্তু গুজৰাট (Gujarat) নিৰ্বাচনৰ পূৰ্বে কেন্দ্রৰ এটা বিজ্ঞপ্তিক লৈ পুনৰ বিতর্ক আৰম্ভ হৈছে ।

প্ৰকৃততে সমাগত গুজৰাট নিৰ্বাচনত অনা-মুছলিমসকলক নাগৰিকত্ব দিয়াক লৈ বৃহৎ চমক দিছে কেন্দ্রৰ বিজেপি চৰকাৰে । কেন্দ্রীয় গৃহ মন্ত্রণালয়ে (Home Ministry of India) বিজ্ঞপ্তি দি গুজৰাটৰ দুই জিলা মেহছানা আৰু আনন্দত বসবাসকাৰী অনা-মুছলিম শৰণার্থীসকলক নাগৰিকত্ব দিয়াৰ নির্দেশ দিছে ।

১৯৫৫ৰ নাগৰিকত্ব আইনৰ ভিত্তিতেই এই দুই জিলাত অনা-মুছলিম শৰণার্থীসকলক নাগৰিকত্ব দিয়া হৈছে । তাৎপর্যপূর্ণভাৱে ১৯৫৫ৰ আইনত ধর্মৰ কোনো উল্লেখই নাছিল ।

কিন্তু কেন্দ্র‌ই যি বিজ্ঞপ্তি দিছে তাত স্পষ্টকৈ কেৱল অনা-মুছলিমসকলক নাগৰিকত্ব দিয়াৰ কথা কোৱা হৈছে । কেন্দ্রৰ সেই সিদ্ধান্তৰ প্রতিবাদত বিৰোধীসকলে প্ৰতিবাদ কৰি থকাৰ সময়তে, ‘কা’ কার্যকৰ কৰাৰ সন্দৰ্ভত বৃহৎ ইংগিত দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

সোমবাৰ গুৰু নানকৰ জন্ম জয়ন্তীৰ প্রাককালত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়,”বিভাজনৰ সময়ত পঞ্জাৱৰ মানুহৰ আত্মত্যাগৰ কথা ভাবিয়ে চৰকাৰ বিভাজন বিভীষিকা স্মৰণ দিৱস পালন কৰা আৰম্ভ কৰিছে । আমি লগতে বিভাজনৰ ফলত যিসকল হিন্দু আৰু শিখ পৰিয়ালে সমস্যাত পৰিবলগীয়া হৈছে তেওঁলোকক নাগৰিকত্ব দিয়াৰ প্রক্রিয়া আৰম্ভ কৰিছো ।

আপোনালোকে নিশ্চয় দেখিছে, গুজৰাটত কেনেদৰে বিদেশত নিৰ্যাতনৰ বলি হোৱা শিখ পৰিয়ালসমূহক আমি নাগৰিকত্ব দিছো । এই সিদ্ধান্ত বিশ্বৰ সকলো প্রান্তৰ শিখেসকলৰ মাজত বিশ্বাস সৃষ্টি কৰিব যে, ভাৰত তেওঁলোকৰেই দেশ ।”

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে অকলে নহয় । তেওঁৰ মন্ত্রীসভাৰ গুৰুত্বপূর্ণ সদস্য অর্জুন ৰাম মেঘৱালেও (Arjun Ram Meghwal) সোমবাৰে ৰাজ্যত আহি সংশোধিত নাগৰিকত্ব আইন দ্রুত কার্যকৰ কৰাৰ ইংগিত দিছে । বনগাঁৱৰ ঠাকুৰবাড়িৰ ৰাস উৎসৱত উপস্থিত হৈ মেঘৱালে কয়, “ভাৰত চৰকাৰে আইন কৰিছে ৷ কিছু সময় লাগিছে টেকনিকেল কাৰণত ৷ কিন্তু নাগৰিকত্ব দিয়া হ’বই ৷”

মেঘৱালৰ উপস্থিতিত কেন্দ্রীয় বিমান মন্ত্রী তথা বনগাঁৱৰ সাংসদ শান্তনু ঠাকুৰেও (Shantanu Thakur) কয় “পশ্চিমবংগসহ ভাৰতবর্ষত চিএএ প্রয়োগ হ’বই ৷ কেৱল সময়ৰ অপেক্ষা ৷ সংবিধানক কোনেও উপেক্ষা কৰিব নোৱাৰিব ।”

মনকৰিবলগীয়া যে, বিজেপি নেতাসকলে যি ইংগিত দিছে তাত স্পষ্ট, আগন্তুক লোকসভা নির্বাচনত পুনৰ বৃহৎ বিষয় হ’ব এই নাগৰিকত্ব আইন |

Exit mobile version