Chief Minister in Chhaygaon : ছয়গাঁওত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

৫,০০০ মেট্ৰিকটন ধাৰণ ক্ষমতাসম্পন্ন শীতল ভঁৰাল উদ্বোধন

WhatsApp Image 2022 11 08 at 14.25.43 1

Chief Minister in Chhaygaon :
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা দিনজোৰা কাৰ্যসূচীৰে আজি পুৱাতে উপস্থিত হয় কামৰূপ জিলাৰ ছয়গাঁওত ৷

ৰাজ্যত কৃষক আৰু ব্যৱসায়ীসকলৰ সুবিধা হোৱাকৈ কৃষিজাত সামগ্ৰীৰ বজাৰৰ বাবে ছয়গাঁৱত ২৪.৭৫ কোটি টকা ব্যয় সাপেক্ষ ৫,০০০ মেট্ৰিকটন ধাৰণ ক্ষমতা সম্পন্ন শীতল ভঁৰালটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷

এই উপলক্ষে ছয়গাঁও খেলপথাৰত আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্য কৃষক সকলৰ উৎপাদিত সামগ্ৰী বিশেষকৈ কেঁচা শাক-পাচলি সমূহ বজাৰলৈ নিয়াৰ পূৰ্বে শীতল ভড়ালত মজুত কৰি ৰখাৰ বাবে আজি উদ্বোধন হোৱা ভড়ালটি মাইলষ্টন হিচাপে পৰিগণিত হ’ব ৷

মুখ্যমন্ত্ৰীয়ে কৃষকৰ হিতৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ দিশত ৰাজ্য চৰকাৰে যথেষ্ট গুৰুত্ব দি এই দিশত নিৰলস প্ৰয়াস চলাই থকাৰ কথা প্ৰকাশ কৰে ৷
উল্লেখ্য যে কৃষক আৰু ব্যৱসায়ীসকলক বিশেষভাৱে উপকৃত কৰিবলগীয়া এই শীতল ভঁৰালৰ প্ৰতিটো চিলাৰ আৰু ফ্ৰীজাৰ কোঠাৰ ধাৰণ ক্ষমতা ক্ৰমে ৫৫০ মেট্ৰিকটনৰ পৰা ৫৭৫ মেট্ৰিকটন। শীতল ভঁৰালটো শাক-পাচলি, হিমায়িত খাদ্য সামগ্ৰী, গাখীৰ, দুগ্ধজাত সামগ্ৰী আৰু ফল ৰখাৰ বাবে উপযোগী হোৱাকৈ গঢ়ি তোলা হৈছে । তদুপৰি কৰ্মচাৰীৰ আৱাস, কেণ্টিন, জিৰণী কোঠা, খোৱাপানীৰ সুবিধা, ৱেব্ৰীজ, ৰীচ ট্ৰাক আদিৰ সুবিধাসমূহো সামৰি লোৱা হৈছে।

উদ্বোধনী সভাখনত অনুষ্ঠানত মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, সাংসদ কুইন ওজা, ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ অধ্যক্ষ ডা: কমলা কলিতা, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, জিলা উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী অধীক্ষক হিতেশ কুমাৰ ৰায় উপস্থিত থাকে ৷

 

 

 

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই পুৱাতে ৰাজ্যৰ অন্যতম পীঠস্থান তথা চান্দ সদাগৰৰ কাহিনী বিজড়িত ছয়গাঁওস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমা চণ্ডিকা দেৱালয়  দৰ্শনৰ লগতে দেৱী মাৰ শ্ৰীচৰণত প্ৰণিপাত জনায় ৷

Exit mobile version