Gold Seized : গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰাজধানী এক্সপেছৰ পৰা জব্দ বুজন পৰিমাণৰ সোন

99700885 310b 40f2 9d12 eea0fee600d7

Gold Seized :

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বুজন পৰিমাণৰ সোন ৷ নামনিমুৱা ৰাজধানী এক্সপেছত আজি গুৱাহাটী ৰে’ল আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই এজন লোকৰ পৰা প্ৰায় ৬০০ গ্ৰাম ওজনৰ সোন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত সোনখিনিৰ মুল্য ৩৫ লাখ হ’ব বুলি নিশ্চিত কৰা হৈছে ৷ সোনৰ স’তে কেৰেলাৰ কানলাইৰ মহম্মদ চাফি নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

অতি কৌশলেৰে সোনখিনি গুড়ি কৰি তিনিটা সৰু টোপোলাত সৰবৰাহকাৰীজনে ভৰাই আনিছিল ডিমাপুৰৰ পৰা ৷ নিয়াৰ কথা আছিল কেৰেলালৈ ৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী ৰে’ল ষ্টেচনত যোৱা এটা পষেকত বুজন পৰিমাণৰ সোন জব্দ কৰিবলৈ সক্ষম হৈছিল ৰে’ল আৰক্ষী

Exit mobile version