Wife : আপুনি বাৰু ‘WIFE’ শব্দৰ প্ৰকৃত অৰ্থ জানেনে ?

জানিবলৈ হ’লে পঢ়ক এই প্ৰতিবেদন ---

76f3100f faa9 4194 9aa3 f60daedc85df

Wife :

আপোনাক যদি স্ত্ৰীৰ প্ৰকৃত সংজ্ঞা সোধে , আপোনাৰ উত্তৰ কি হ’ব ? আমাৰ বহুতেই হয়তো স্ত্ৰীৰ প্ৰকৃত অৰ্থ নেজানে । ৱাইফ এটা ইংৰাজী শব্দ , যি স্ত্ৰী শব্দৰ লগত সংযোগ হৈ থাকে । কিন্তু ইংৰাজী ৱাইফ ৰ প্ৰকৃত অভিধানিক অৰ্থ বিষয়ে বহুতেই হয়তো নেজানে !

সম্প্ৰতি স্বামী শব্দৰ অৰ্থক লৈ ছ’চিয়েল মিডিয়াত কিছু বিতৰ্ক হোৱা দেখা গৈছিল । য’ত এণ্ড্ৰা ফিটজেৰাণ্ড নামৰ আমেৰিকাৰ প্ৰভাৱশালী লোকজনে তেওঁৰ টুইটাৰ একাউণ্টত এই শব্দটোক লৈ এক বিতৰ্কৰ আৰম্ভ কৰিছিল । ইয়াত উল্লেখিত মন্তব্যৰ পৰা দেখা গৈছিল যে , এই শব্দটো অত্যন্ত ৰক্ষণশীল তথা পুৰুষতান্ত্ৰিক মতাদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ।

এই লৈ ছ’চিয়েল মিডিয়াত না-না ধৰণৰ তৰ্ক-বিতৰ্ক হৈছিল যদিও প্ৰকৃততে স্বামী শব্দটোৰ আচল অৰ্থ কি বহুতেই বুজি পোৱা নাছিল । য’তেই স্বামী শব্দৰ প্ৰসংগ আহিব , তাত কিন্তু স্ত্ৰী বা পত্নী শব্দটো বাদ দিব নোৱাৰিব । অৰ্থাৎ ইংৰাজী শব্দ ৱাইফও সমানেই গুৰুত্বপূৰ্ণ । যিটো কাৰণে ৱাইফৰ প্ৰকৃত সংজ্ঞা জনা উচিত ।

স্ত্ৰী শব্দৰ অৰ্থ কি ? অক্সফোৰ্ড অভিধানত স্ত্ৰী শব্দৰ অৰ্থ এইবুলি উল্লেখ কৰিছে যে , বিবাহিতা নাৰীক স্ত্ৰী বুলি কোৱা হয় । সংজ্ঞা অনুসৰি ,এগৰাকী নাৰী স্বামীৰ লগত বিবাহ বিচ্ছেদ হৈছে কিন্তু আইনী প্ৰক্ৰিয়া শেষ হোৱা নাই , তেওঁকো স্ত্ৰী বুলি কোৱা হয় । যদিও প্ৰাক্তন স্ত্ৰী এই শব্দটো ডিভৰ্চৰ পিছত ব্যৱহাৰ কৰা হয় । আপুনি স্ত্ৰী শব্দৰ ইতিহাস বিচাৰিলে দেখিব যে ইয়াৰ আক্ষৰিক অৰ্থ কিন্তু বিবাহৰ লগত সম্পৰ্কিত নহয় ।

তেন্তে এই শব্দ ক’ৰ পৰা অনা হৈছে ? আচলতে স্ত্ৰী শব্দটো জাৰ্মান ভাষাৰ পৰা অনা হৈছে । যিটো প্ৰোটো-জাৰ্মানিক ( আধুনিক জাৰ্মানৰ আগত কথিত তথা ইন্দো-ইউৰোপীয় ভাষাৰ মাজৰ এটা ভাষা ) ভাষাৰ Wibam শব্দৰ পৰা আহিছে । যাৰ অৰ্থ মহিলা । পিছত আধুনিক জাৰ্মান শব্দ Weib লগত মিহলি হৈ পৰে , যাৰ অৰ্থ নাৰী বা মহিলা । অৰ্থাৎ এই শব্দটো বিবাহৰ লগত সম্পৰ্কিত নহয় অথবা স্বামীৰ সৈতেও সম্পৰ্কিত নহয় । কিন্তু পিছলৈ এই শব্দটো এনেধৰণে ব্যৱহাৰ হয় যে , বিবাহৰ লগত সংযোগ হৈ পৰি ইংৰাজী ভাষাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰে ।

Exit mobile version