Cabinet Meeting : অসম চৰকাৰৰ কেবিনেট বৈঠকত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

WhatsApp Image 2022 11 09 at 18.26.25

Cabinet Meeting :

অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী সভাকক্ষত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুস্থিত হয় কেবিনেট বৈঠক ৷ বৈঠকত লোৱা হয় কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

কেবিনেট বৈঠকৰ অন্তত তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্ত সমূহ সদৰি কৰে।

সিদ্ধান্ত অনুসৰি এপিডিচিএলৰ তৰফৰ পৰা ৫৮ লাখ স্মাৰ্ট মিটাৰ স্থাপনক লৈ অনুমোদন প্ৰদান কৰা হয়।একাংশ স্থানত পুৰণি মিটাৰৰ তুলনাত স্মাৰ্ট মিটাৰত বিল অধিক অহা বুলি অভিযোগ উত্থাপিত হোৱা বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি ৩০ দিনলৈ পুৰণি মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰ দুয়োটা দিয়া হ’ব।এই ক্ষেত্ৰত যাতে ৰাইজৰ কোনো অসুবিধা নহয়। তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হ’ব ৷

একেদৰে কেবিনেটে বৰপেটা, শালাকাঁঠী আৰু হাটচিঙিমাৰীত তিনিটা নতুন গ্ৰীড নিৰ্মাণৰ বাবে ৫৬.৭৬ কোটি টকা অনুমোদন কৰে। আনহাতে অসম আৰক্ষী আৰু অধিক সক্ষম তথা শক্তিশালী হোৱাৰ বাবে ৩৬ গৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াক মকৰলৰ সিদ্ধান্ত লোৱা হয়। নতুন সেনা বিষয়াই অসম আৰক্ষীৰ অধীনস্থ বেটেলিয়ানত অত্যাধুনিক পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

ইয়াৰোপৰি এপিএছ আৰু এচিএছ বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত যিবোৰ খেলিমেলি দেখা যায় সেই সমস্যা দূৰ কৰাৰ বাবেও কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে আই এ এছ আৰু আই পি এছ বিষয়াসকলৰ পদোন্নতিত প্ৰযোজ্য হোৱা অনুৰূপ প্ৰক্ৰিয়াৰে এপিএছ আৰু এচিএছ বিষয়া সকলৰো পদোন্নতি হ’ব।

অহা ২৩ আৰু ২৪ নবেম্বৰত দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া লাচিত দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই বিষয়েও সদৰি কৰে জনসংযোগ মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, লাচিত দিৱস সুচাৰুৰূপে উদযাপন কৰাৰ বাবে কেইবাখনো কমিটী গঠন কৰা হৈছে।তাৰে এখন হৈছে এপেক্স কমিটী।এই কমিটীখনক নেতৃত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব বুলি সংবাদমেলত জানিব দিয়ে মন্ত্ৰী হাজৰিকাই ৷

Exit mobile version