Howrah Railway Station : সৰ্বাধিক সংখ্যক প্লেটফৰ্মৰ স’তে জিলিকি উঠিল হাওৰা ৰে’ল ষ্টেচন

howrah junction

Howrah Railway Station :

ভাৰতীয় আটাইতকৈ বেছি সংখ্য প্লেটফৰ্ম থকা ষ্টেচনৰ নাম কোনটো বুলি ক’লে ৷ আপুনি কোনটো বুলি ক’ব ৷

শেহতীয়াকৈ সামাজিক মাধ্যমত দ্ৰোণ কেমেৰাৰে তোলা এখন ফটোত স্পষ্ট হৈছে যে দেশৰ সৰ্বাধিক সংখ্যক প্লেটফৰ্ম থকা ষ্টেচন হিচাপে পৰিগণিত হৈছে হাওৰা ষ্টেচন৷ ইয়াত আছে প্ৰায় ২৩ খন প্লেটফৰ্ম ৷

আনহাতে হাওৰা ৰে’ল ষ্টেচন হৈছে ভাৰতৰ আটাইতকৈ পুৰণি ষ্টেচন আৰু সৰ্ববৃহৎ ৰেল কমপ্লেক্স ৷ এই ষ্টেচনটোৱে কলকাতা মহানগৰক সেৱা আগবঢ়োৱা চাৰিটা আন্ত:মহানগৰ ষ্টেচনৰ ভিতৰত অন্যতম ৷

ঐতিহ্যমণ্ডিত হাওৰা লোহাৰৰ দলংৰ কাষতে স্থিত ৰে’ল জংচনটো দেশ-বিদেশৰ পৰ্যটকৰ বাবে অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈ আহিছে ৷

Exit mobile version