Justice Chandrachud takes oath as CJI : ভাৰতৰ ৫০তম মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ ন্যায়াধীশ চন্দ্রচূড়ৰ

SY Chandrachud

Justice Chandrachud takes oath as CJI :

ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিলে ন্যায়াধীশ ডিৱাই চন্দ্রচূড়ে । বুধবাৰে ৰাষ্ট্রপতি ভৱনত তেওঁক শপতবাক্য পাঠ কৰায় ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে । ন্যায়াধীশ চন্দ্রচূড়ে উচ্চতম ন্যায়ালয়ৰ ৫০তম মুখ্য ন্যায়াধীশৰূপে দায়িত্বভাৰ গ্রহণ কৰিলে । তেওঁ ২০২৪ৰ ১০ নৱেম্বৰ পর্যন্ত দায়িত্বত থাকিব ।

বিগত মাহত ন্যায়াধীশ চন্দ্রচূড়ক নিজৰ উত্তৰসূৰীৰূপে মনোনীত কৰিছিল সদ্য প্রাক্তন মুখ্য ন্যায়াধীশ ইউইউ ললিতে । তেওঁ মাত্র ৭৪ দিন ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল । তাত ছিলমোহৰ দিছিল ৰাষ্ট্রপতিয়ে । ইয়াৰ পাছত আজি মুখ্য ন্যায়াধীশৰূপে শপতগ্রহণ কৰিছে ন্যায়াধীশ চন্দ্রচূড়ে ।

Exit mobile version