Nitin Gadkari : তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

WhatsApp Image 2022 11 09 at 21.02.02

Nitin Gadkari :

তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী । তেওঁ উত্তৰ-পূব আৰু ছিকিমৰ এন‌এইছ প্ৰকল্পৰ পৰ্যালোচনা কৰিব আৰু প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ ল’ব ।

পর্যালোচনাৰ প্ৰথম দিনাখন কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী জেনেৰেল ভি.কে. সিঙ, ৰাজ্যৰ ঊর্ধ্বতন বিষয়া আৰু ঠিকাদাৰসকলৰ স’তে অসম, মেঘালয়, ছিকিম আৰু নগালেণ্ড এনএইছ প্রকল্পৰ অগ্রগতি পর্যালোচনা কৰে ।

ভূমি অধিগ্রহণ সংক্রান্ত সমস্যা, চলিত প্রকল্পৰ অগ্রগতি, প্রস্তাৱিত প্রকল্প, নতুন প্রযুক্তিৰ ব্যৱহাৰ, বিতৰ্ক আৰু সম্ভাব্য আর্থিক হস্তক্ষেপ সম্পৰ্কত দীর্ঘ আলোচনা কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে বিলম্বৰ কাৰণ জানিবলৈ চাৰিখন ৰাজ্যত বিলম্বিত প্রকল্পবোৰৰ পর্যালোচনা কৰিছে আৰু সেইবোৰ ট্রেক কৰিবৰ বাবে নির্দিষ্ট নির্দেশাৱলী জাৰি কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলো বিষয়াসকলক প্রকল্পসমূহ দ্রুত সম্পন্ন কৰাৰ নির্দেশ দিছে । তেওঁ উত্তৰ-পূবৰ ৰাজ্যসমূহত শীর্ষ-শ্রেণীৰ পৰিবহণ আন্তঃগাথঁনি বিকাশৰ বাবে কেন্দ্রীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয় আৰু অংশীদাৰিত্বৰ গুৰুতৰ ওপৰত জোৰ দিছে ।

Exit mobile version