Supreme Court : শিক্ষা কোনো ব্যৱসায় নহয়, টিউছন ফি সাধ্যৰ ভিতৰত ৰাখিব লাগিব : উচ্চতম ন্যায়ালয়

2022 10largeimg 1670977962

Supreme Court :

শিক্ষা কোনো ব্যৱসায় নহয় যে তাক উপার্জনৰ উপায় হিচাপে ব্যৱহাৰ কৰা হ’ব । সেয়ে টিউছন ফি সকলোৰে সাধ্যমতে ৰাখিব লাগিব ‌। জনালে উচ্চতম ন্যায়ালয়ে (Supreme Court) । অন্ধ্রপ্রদেশ (Andhra Pradesh) চৰকাৰে মেডিকেল শিক্ষাৰ (MBBS বার্ষিক ফি ২৪ লাখ টকা কৰাৰ যি সিদ্ধান্ত লৈছে তাৰ পৰিপ্রেক্ষিততেই এই মন্তব্য শীর্ষ আদালতৰ ।

আজিৰ পৰা পাঁচ বছৰ পূৰ্বে অন্ধ্রপ্রদেশ চৰকাৰে সিদ্ধান্ত লয় মেডিকেল শিক্ষাৰ ব্যয় বছৰে ২৪ লাখ টকা কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ ফলত এই ব্যয় বৃদ্ধি পাইছে সাত গুণ । ইয়াৰ পাছতেই সিদ্ধান্তটোৰ বিৰোধিতা কৰি গোচৰ দাখিল কৰা হয় । অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ে সিদ্ধান্তটোৰ বিৰুদ্ধেই ৰায় দিছিল । শীৰ্ষ ন্যায়ালয়ত গোচৰ ৰুজু হয় । ন্যায়াধীশ এম আৰ শ্বাহ আৰু সুধাংশু ধুলিয়াৰ বেঞ্চেও পূর্বৱর্তী ৰায়েই বাহাল ৰাখে । লগতে অন্ধ্র চৰকাৰৰ সিদ্ধান্তক গৰিহণা‌ দিয়ে ।

শীর্ষ আদালতে জনাইছে, ”২০১৭ৰ ছয় ছেপ্টেম্বৰ ২০১৭-২০২০ৰ টিউছন ফি বৃদ্ধিৰ চৰকাৰে যি সিদ্ধান্ত লৈছিল, সেয়া উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল । মোৰ মতে এই ৰায়ত কোনো ত্ৰুটি নাই । ব্যয় সাত গুণ বৃদ্ধি কৰি মেডিকেল শিক্ষাৰ মাছুল ২৪ লাখ টকা কৰাৰ কোনো যুক্তি নাই । শিক্ষা কোনো ব্যৱসায় নহয়, যি লাভ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হ’ব । টিউছন মাছুল সকলো সময়তে সাধ্যৰ মাজতে থাকিব লাগিব ।”

ন্যায়াধীশসকলৰ মতে, ২০১৭ৰ ছয় ছেপ্টেম্বৰত চৰকাৰে লোৱা এই সিদ্ধান্ত সম্পূর্ণ বেআইনী । উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণ, বিগত কিছু বছৰত এই ফি বৃদ্ধিৰ ফলত শিক্ষাৰ্থীসকলে অধিক সুদত বেংক আৰু অন্যান্য সংস্থাৰ পৰা ঋণ ল’বলগীয়া হৈছে । এনে পৰিস্থিতিত অন্ধ্রপ্রদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে মেডিকেল কলেজসমূহে যি গোচৰ তৰিছিল সেয়াও খাৰিজ কৰি দিয়া হৈছে বুলি জনাইছে উচ্চতম ন্যায়ালয়ে ।

Exit mobile version