Home News Assam Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান By publisher 1 year Ago ShareShareShareShare Barpeta Satra : ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় । প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে । সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় । Categories: India, News, Politics Tags: Abdul KhalequeAbdul Rahim AhmedAmbulanceBARPETA SATRABHARAT JODO YATRABhupen BoraCongressDonateMla FundMp Fund Related Content ICC Could Issue an Arrest Warrant Against Benjamin Netanyahu:নেতানিয়াহুৰ বিৰুদ্ধে আইচিচিয়ে জাৰি কৰিব পাৰে গ্রেপ্তাৰী পৰোৱানা By publisher May 1, 2024 Temperatures Rise in Several States of the Country:দেশৰ একাধিক ৰাজ্যত উষ্ণতা বৃদ্ধিত ৰেড এলাৰ্ট জাৰি By publisher May 1, 2024 14 million Electric Cars Sold Worldwide in a Yearএবছৰত বিশ্বত ১.৪০ কোটি বৈদ্যুতিক গাড়ীৰ বিক্ৰী By publisher May 1, 2024 Chirang:কাজলগাঁৱত নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ চৰকাৰী শিক্ষকৰ By publisher May 1, 2024 State Bjp Pressmeet:কংগ্ৰেছৰ সমাবেশলৈ নাহে কোনো থলৱা ভূমিপুত্র By publisher May 1, 2024 Piyanka Gandhi Visit Dhubri: ধুবুৰীত ৰকিবলৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে By publisher May 1, 2024