Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা

সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান

WhatsApp Image 2022 11 10 at 21.19.11 2

Barpeta Satra :
‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় ।

প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে ।

সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় ।

Exit mobile version