Home News Assam Barpeta Satra :বৰপেটা সত্ৰৰ নাম প্ৰসংগত ভাগ লৈ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ঘোষণা সত্ৰলৈ আগবঢ়াব এম্বুলেন্সসহ ৮ লাখ টকা অনুদান By publisher 2 years Ago ShareShareShareShare Barpeta Satra : ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ অসমৰ আজি দশম দিনা পুৱাই বৰপেটা সত্ৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই কীৰ্তনঘৰত অনুষ্ঠিত হোৱা নাম প্ৰসংগত ভাগ লয় । প্ৰসংগৰ পিছতেই সভাপতিজনে সত্ৰাধিকাৰৰ লগত সত্ৰখনৰ উন্নয়নৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় আৰু সত্ৰাধিকাৰৰ অনুমতি সাপেক্ষে সাংসদ আব্দুল খালেকৰ সাংসদ পুঁজিৰ পৰা সত্ৰ উন্নয়নৰ বাবে আঠ লাখ টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতে , বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ বিধায়ক পুঁজিৰ পৰা সত্ৰৰ বাবে এখন এম্বুলেন্স আগবঢ়োৱাৰ কথাও সভাপতিজনে ঘোষণা কৰে । সভাপতি বৰাৰ এই ঘোষণাৰ পিছতে সত্ৰাধিকাৰ গৰাকীয়ে কংগ্ৰেছৰ এই অনুদান স্বীকাৰ কৰি কংগ্ৰেছৰ সকলো কাৰ্যসূচী সফলতাৰে সম্পন্ন হোৱাৰ আৰ্শীবাদ প্ৰদান কৰে আৰু ইয়াৰপিছতে আজিৰ ‘’ ভাৰত জোড়ো যাত্ৰা ‘’ কাৰ্যসূচী আৰম্ভ হয় । Share this: Categories: India, News, Politics Tags: Abdul KhalequeAbdul Rahim AhmedAmbulanceBARPETA SATRABHARAT JODO YATRABhupen BoraCongressDonateMla FundMp Fund Related Content Abvp:আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল দ্বাৰা এবিভিপিৰ SEIL যাত্ৰাৰ উদ্বোধন By publisher January 22, 2025 Tripura Indo- Bangla Border:পশ্চিম বংগৰ ইণ্ডো- বাংলা সীমান্তত ভাৰতে কাটা তাঁৰ বেৰা দিয়াক লৈ আপত্তি বাংলাদেশেৰ By publisher January 22, 2025 Six Mile flyover in dangerous condition: বিপজ্জনক অৱস্থাত ছয়মাইলৰ উৰণ সেতু By publisher January 22, 2025 PM Modi will take bath in Mahakumbha:দিল্লী নিৰ্বাচনৰ দিনাই মহাকুম্ভত স্নান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে By publisher January 22, 2025 Aap Pressmeet in Guwahati:বিদেশী বিনিয়োগৰ নামত মুখ্যমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ আপৰ সংবাদমেল By publisher January 22, 2025 Puppet dance performance at the Mahakumbh Mela: প্ৰয়াগৰাজত অসমৰ লোক সম্পদ পুতলা নাচ মহাকুম্ভ মেলাত By publisher January 22, 2025