Diabetes  : এজন ডায়েবেটিছ ৰোগীয়ে কিমান সময় ব্যায়াম কৰিব লাগে ? জানিবলৈ পঢ়ক —

2a578c59 8ebb 4e0f be99 4d6c1946108a

Diabetes :

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগ নথকা মানুহ খুব কমেই আছে । ডায়েবেটিছৰ কাৰণ হ’ল , শৰীৰত ইনচুলিন হৰম’নৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ । এই ৰোগৰ প্ৰভাৱত শৰীৰত উচ্চ ৰক্তচাপ , অতিৰিক্ত কলেষ্টেৰল , উদাহীনতাৰ দৰে ভাৱ অহা পৰিলক্ষিত হয় । ফলত শৰীৰত অনেক জটিল ৰোগ হোৱাৰ সম্ভাৱনা আহে ।

ডায়েবেটিছ ৰোগ সাধাৰণতে পৰিশ্ৰম কম কৰা, অনিয়মিত খাদ্য অভ্যাস আৰু অনিয়মিত জীৱন যাপনৰ বাবেই হয় । ডায়েবেটিছ ৰোগ সম্পূৰ্ণ ভাল নহয় যদিও জীৱন যাপনৰ সামান্য পৰিৱৰ্তন কৰিব পাৰিলে এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি । এইক্ষেত্ৰত যোগাসনে প্ৰচুৰ সহায় কৰে । অৰ্থাৎ যোগাসন কৰিলে এই ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি ।

এই ৰোগ নিয়ন্ত্ৰণত ৰখাৰ অন্যতম উপায় হৈছে , নিয়মিত ব্যায়াম কৰা । যিহেতু নিয়মিত ব্যায়ামে শৰীৰৰ তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে । ইনচুলিৰ পৰিমাণ কমাবলৈও শৰীৰচৰ্চাই সহায় কৰে । নেডাৰলেণ্ডৰ এপিডেমিঅ’লজি অৱ ওৱেচিটি ( এনইও) –এ কৰা এটি সমীক্ষাত এই কথা প্ৰকাশ হৈছে যে , ডায়েবেটিছ ৰোগীৰ বাবে শৰীৰচৰ্চা খুবেই আৱশ্যক । নহলে শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে লগতে আপুনি কিমান সময় ব্যায়াম কৰিব , সেইটোও মনত ৰখা দৰকাৰ । অৰ্থা শৰীৰত শৰ্কৰাৰ পৰিমাণ সঠিক কৰি ৰাখিবলৈ সপ্তাহত কমেও ১৫০ মিনিট ব্যায়াম কৰিব লাগে । গ্লুক’জৰ পৰিমাণ হ্ৰাস কৰিবলৈ ডায়েবেটিছ ৰোগীক ব্যায়ামেহে সহায় কৰে । বিশেষকৈ ব্যায়ামে পেশী শক্তিশালী কৰাৰ লগতে ৰক্ত চলাচল সঠিক কৰি ৰাখে ।

এতিয়া প্ৰশ্ন হ’ল যে দিনৰ কোন সময়ত ব্যায়াম কৰিলে আপোনাৰ ডায়েবেটিছ ৰোগ হাতৰ মুঠিত থাকিব ?

বিশেষজ্ঞৰ মতে ডায়েবেটিছ ৰোগীয়ে দিনৰ ২ বজাৰ পৰা সন্ধ্যা ৬ বজাৰ ভিতৰত ব্যায়াম কৰিলে অধিক সুফল লাভ কৰিব পাৰে । যিহেতু ৰাতিপুৱাৰ তুলনাত সন্ধ্যা শৰীৰৰ তাপমাত্ৰা বেছি থাকে লগতে ডায়েবেটিছ ৰোগীয়ে সন্ধ্যা ব্যায়াম কৰিলে ইনচুলিন প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি পায় । ইয়াৰোপৰি সন্ধ্যা ব্যায়াম কৰিলে এণ্ডোৰফিন হৰম’ন বেছিকৈ উৎপাদন হয় । যি আপোনাৰ দ্ৰুত গতিত টোপনি অহাত সহায় কৰি মানসিক উদ্বেগ নিয়ন্ত্ৰণ কৰি ৰাখে ।

অৱশ্যে ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ব্যায়াম কৰাত কিছু অসুবিধা থাকে । ডায়েবেটিছ ৰোগীয়ে বেছি সময় নোখোৱাকৈ থকা উচিত নহয় । ইফালে খাই উঠি ব্যায়াম কৰিব নেলাগে । এজন ডায়েবেটিছ ৰোগীয়ে নোখোৱাকৈ ব্যায়াম কৰিলে শৰীৰত গ্লুকজৰ পৰিমাণ বাঢ়ি যাব পাৰে । সেইকাৰণে ৰাতিপুৱা ভাগত ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰা অনুচিত । অৰ্থাৎ খাই উঠি দুপৰীয়া বা সন্ধ্যা ব্যায়াম কৰিব লাগে । ইয়াৰোপৰি বহু সময়জুৰি এজন ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰিব নেলাগে । প্ৰতিদিনে কমেও ৫ – ১০ টা ব্যায়াম কৰাই যথেষ্ট । অৱশ্যে ধাৰাবাহিকতা ৰক্ষা কৰি কৰিব লাগে । অন্যথা কোনো সুফল লাভ কৰিব নোৱাৰে ।

Exit mobile version