Fire Incident in Maldives : মালদ্বীপৰ ভয়াৱহ অগ্নিকাণ্ডত মৃত্যু ন’জন ভাৰতীয়

1668063835 fire

Fire Incident in Maldives :

মালদ্বীপৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড। প্ৰাপ্ত তথ্য অনুসৰি, বিদেশী শ্ৰমিকসকল থকাৰ অস্থায়ী স্থানত এই অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত দহজন লোক নিহত হয়, যাৰ ভিতৰত নজন ভাৰতীয় । বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হয়।

ঘটনাৰ খবৰ পোৱাৰ লগে লগেই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীলৈ আহি উপস্থিত হয় । অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই জনাই যে ভৱনটোৰ তলৰ মহলাত থকা গেৰেজটোত প্ৰথম জুই লাগে। তাৰপাছতে এই জুই বিয়পি পৰে ।

ঘৰটোৰ ওপৰৰ মহলাৰ পৰা উদ্ধাৰ কৰা আটাইকেইজন লোকৰ মৃত্যু হয় । মৃতসকলৰ ভিতৰত নজন ভাৰতীয় আৰু এজন বাংলাদেশী বুজি এজন বিষয়াই জানিবলৈ দিয়ে ।

আন বহুতো লোকক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, আহতৰ সংখ্যা অতি বেছি। বিষয়াজনে জনাই যে জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হ’বলৈ চাৰি ঘণ্টা সময় লাগিছে।

Exit mobile version