Lalu Prasad’s Daughter Rohini Acharya :’ মই তোমাক মোৰ কিডনি দিবলৈ পাই অতি গৌৰৱবোধ কৰিছো’’ — লালু যাদৱৰ জী ৰোহিনী আচাৰ্যৰ আৱেগিক মন্তব্য 

WhatsApp Image 2022 11 10 at 18.41.09

Lalu Prasad’s Daughter Rohini Acharya :

’ মই তোমাক মোৰ কিডনি দিবলৈ পাই অতি গৌৰৱবোধ কৰিছো’’ — লালু যাদৱৰ জী ৰোহিনী আচাৰ্যৰ আৱেগিক মন্তব্য
‘’এগৰাকী পিতৃৰ বাবে তাতোকৈ আৰু কি গৌৰৱৰ কথা হ’ব পাৰে যে , যেতিয়া নিজৰ জীয়ে পিতৃৰ বাবে এনে ত্যাগ কৰিব পাৰে ।‘’

বিহাৰৰ প্ৰসিদ্ধ ৰাজনৈতিকবিদ লালু প্ৰসাদ যাদৱ বিগত কিছু মাহধৰি অসুস্থ হৈ আছে । অতি সোনকালে ৰাজনৈতিকবিদজনৰ কিডনিৰ পুনৰ সংস্থাপন কৰিব লাগে । এনে সংকটপূৰ্ণ অৱস্থাত ৰাজনৈতিকবিদজনৰ দ্বিতীয় জীয়ৰী ৰোহিনী আচাৰ্যই নিজৰ এটা কিডনি পিতৃক দান কৰিব খুজিছে ।

বিহাৰৰ অন্যতম ৰাজনৈতিক দল আৰজেডিৰ নেতা , এসময়ৰ মহা প্ৰতাপী ৰাজনীতিবিদ লালু প্ৰসাদ যাদৱ বৰ্তমান অসুস্থ হৈ চিকিৎসাধীন হৈ আছে । চলিত মাহতে তেওঁৰ কিডনি পুনৰ সংস্থাপন কৰিব লাগে । এনে সময়তে পিতৃৰ ধাৰ সুজিবলৈ যাদৱৰ দ্বিতীয় জী ৰোহিনীয়ে নিজৰ এটা কিডনি দান কৰি পিতৃক জীয়াই ৰাখিব বিচাৰিছে ।

এনে সময়তে ৰোহিনীৰ এটা মন্তব্যই সংবাদ মাধ্যমৰ বাতৰিৰ শীৰ্ষ স্থান দখল কৰিছে । ৰোহিনীয়ে কৈছে , ‘’ হয় । মই মোৰ পিতৃক মোৰ এটা কিডনি দিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। এইয়া মোৰ বাবে আটাইতকৈ গৌৰৱৰ মুহূৰ্ত যে মই জীয়েকৰ দায়িত্ব ও কৰ্তব্য পালন কৰাৰ সুযোগ পাইছো ।‘’

৭৪ বছৰীয়া লালু যাদৱ বৰ্তমান চিংগাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । এই প্ৰাক্তন ৰাজনীতিবিদজনে বিহাৰত তিনি বাৰকৈ মুখ্যমন্ত্ৰীৰ পদ শুৱনি কৰিছিল । সম্প্ৰতি এই বৰ্ষীয়ান নেতাজন বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ।

কিছুদিন পূৰ্বে চিকিৎসকে তেওঁক কিডনি পুনৰ সংস্থাপন কৰাৰ কথা উল্লেখ কৰাৰ লগে লগে লালুৰ লগত উপস্থিত থকা তেওঁৰ দ্বিতীয় জী ৰোহিনীয়ে নিজৰ এটা কিডনি পিতৃক দিয়াৰ কথা ঘোষণা কৰিছে ।

পিতৃক নতুন জীৱন দিবলৈ বদ্ধপৰিকৰ ৰোহিনীয়ে এই সন্দৰ্ভত টুইট কৰি কৈছে যে , বৰ্তমান তেওঁ পিতৃৰ কাষতে আছে আৰু তেওঁ পিতৃক নিজৰ এটা কিডনি দিবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছে । কেৱল মন্তব্য দিয়াই নহয় ৰোহিনীয়ে চিংগাপুৰৰ চিকিৎসালয়ৰ পৰা পিতৃ যাদৱৰ সৈতে থকা ফটোও চেয়াৰ কৰিছে ।

ৰোহিনীৰ এই মন্তব্যই এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰোহিনীৰ এই কাৰ্যক প্ৰশংসাৰে উপচাই পেলাইছে এসময়ৰ জনপ্ৰিয় নেতাজনৰ অসংখ্য অনুৰাগীয়ে ।

Exit mobile version