Malnutrition : ৰক্তহীনতা-পুষ্টিহীনতাৰ বিপদঘণ্টা

চৰকাৰী প্ৰতিবেদনতে ৰুগ্ন অসমৰ স্বৰূপ

india ranks 103 on global hunger index 2018 10 15 1571030437

Malnutrition :

জন্মদাত্ৰী মাতৃৰ ৰক্তহীনতা আৰু শিশুৰ পুষ্টিহীনতাই অসমৰ ভৱিষ্যৎ প্ৰজন্মলৈ কঢ়িয়াই আনিছে অশনি সংকেত । স্বাস্থ্য খণ্ডৰ বিকাশৰ বাবে চৰকাৰীভাৱে অব্যাহত ৰখা ব্যাপক অভিযানৰ সময়তে পুষ্টিহীনতাৰ উদ্বেগজনক তথ্য‌ই উন্মোচিত কৰিছে ৰুগ্ন অসমৰ আতংকময় প্ৰতিচ্ছবি । নেছনেল ফেমিলী হেল্‌থ ছাৰ্ভে (এন‌এফ‌এইছ‌এছ)ৰ ২০১৯-২০ পঞ্চম সংস্কৰণৰ আধাৰত শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত উল্লেখিত তথ্য অনুসৰি সমগ্ৰ দেশতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা ।

ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় হাৰতকৈ বহুলাংশে শীৰ্ষত আছে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ হাৰ । ইয়াৰ সমান্তৰালকৈ শিশুৰ শৰীৰত ভিটামিন ‘এ’, ভিটামিন ‘ডি’, জিংক আদিৰ নিম্ন হাৰেও অসমৰ ভৱিষ্যৎ প্ৰজন্মক কোঙা কৰি তোলাৰ পূৰ্বাভাস দিয়া হৈছে সমীক্ষা প্ৰতিবেদনত ‌।

সমীক্ষা মতে, অসমৰ ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ অতি উদ্বেগজনক আৰু সমগ্ৰ দেশৰ বাবেই প্ৰত্যাহহ্বান । তথ্য মতে, অসমত সন্তান জন্ম দিয়াৰ উপযুক্ত সময় ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাৰ সৰ্বাধিক ৬৫.৯ শতাংশই ৰক্তহীনতা বা ‘এনিমিয়া’ত আক্ৰান্ত । ত্ৰিপুৰাত আকৌ এই হাৰ দেশৰ ভিতৰতে সৰ্বাধিক ৬৭.২ শতাংশ ।

ইফালে, ৰক্তহীনতাৰ বাবেই অসমত স্বাভাৱিক হাৰতকৈ ওজন হ্ৰাস পোৱা মহিলাৰ হাৰো ক্ৰমাৎ বৃদ্ধি পাইছে । প্ৰতিবেদনৰ তথ্য অনুসৰি, এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা পূৰ্বৰ ৪৬ শতাংশৰ পৰা ৬৫.৯ শতাংশলৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কম ওজনৰ মহিলাৰ হাৰ ১৭.৬ শতাংশলৈ বৃদ্ধি পাইছে ।

আকৌ, ভিটামিন ‘এ’ৰ পৰিমাণ স্বাভাৱিক মাত্ৰাতকৈ হ্ৰাস পোৱাৰ বাবে অসমৰ গৰিষ্ঠসংখ্যক শিশুৱে ভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰিছে । ভিটামিন ‘এ’ ঘাটি (ভিএডি)ৰ বাবে দেশত প্ৰতি বছৰে ৩,৩০,০০০ শিশুৰ মৃত্যু হয় । ‘ভিএডি’ৰ বাবে শিশুৱে চকুৰে কম দেখা বা সম্পূৰ্ণৰূপে নেদেখা হোৱাৰ উপৰি শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায় ।

সমীক্ষা মতে, দেশৰ একৰ পৰা চাৰি বছৰ বয়সৰ শিশুৰ ১৮ শতাংশ আৰু পাঁচৰ পৰা ন বছৰ বয়সৰ শিশুৰ ২২ শতাংশ ভিএডিত ভুগি আছে । অসমত ২১.৪ শতাংশ শিশু ভিটামিন ‘এ’ ঘাটি হোৱাৰ সূত্ৰে ৰাজ্যখনৰ এই বৃহৎসংখ্যক শিশুৱে ভিন্ন ৰোগৰ বলি হোৱাৰ লগতে অকাল মৃত্যুক সাবটিবলগীয়া হৈছে ।

এনএফএইছএছৰ তথ্য মতে স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৰাজ্যখনৰ ৫৮.২ শতাংশ শিশুক ভিটামিন ‘এ’ পৰিপূৰক প্ৰদান কৰা হৈছে । ইফালে, ভিটামিন ‘এ’ আৰু আইৰণ ঘাটিৰ সমান্তৰালকৈ অসমৰ মুঠতে পাঁচৰ পৰা ন বছৰ বয়সৰ ১৮.২ শতাংশ শিশু ‘জিংক’ৰ অভাৱত ভুগি আছে । সবৰ্ভাৰতীয় পৰ্যায়ত ‘জিংক’ৰ অভাৱত ভোগা শিশুৰ গড় হাৰ ১৮.৯ শতাংশ ।

উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনত এই হাৰ হ’ল ক্ৰমে নগালেণ্ডত ২.১ শতাংশ, মিজোৰামত পাঁচ শতাংশ আৰু মণিপুৰত সৰ্বাধিক ৩৫.৩ শতাংশ । এনএফএইছএছ-৫ৰ তথ্য মতে, প্ৰসৱৰ সময়ত মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত সমগ্ৰ দেশতে হ্ৰাস পাইছে যদিও এই ক্ষেত্ৰত অসমৰ স্থিতি এতিয়াও উদ্বেগজনক । ৰাজ্যখনত প্ৰতি এক লাখ শিশুৰ জন্মৰ ভিতৰত ২০৫ টি শিশুৰ মৃত্যু হয় বুলি সমীক্ষাত প্ৰকাশ পাইছে যদিও চলিত ২০২২ৰ এনএইছএমৰ তথ্যত এই হাৰ কিছু উন্নত হৈছে ।

আকৌ, স্বাভাৱিক হাৰতকৈ কম ওজনৰ সন্তানৰ জন্মৰ হাৰো ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ অধোগতি হাৰ উন্মোচিত কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমতে সৰ্বাধিক ৩২.৮ শতাংশ শিশুৰ ওজন স্বাভাৱিক হাৰতকৈ কম । মিজোৰামত এই হাৰ হ’ল মাথোঁ ১০ শতাংশ । আকৌ স্বাভাৱিক হাৰতকৈ অধিক ওজনৰ শিশুৰ হাৰ হ’ল অসমত সবাতোকৈ কম ২.৩ শতাংশৰ বিপৰীতে মিজোৰামত সৰ্বাধিক ১০ শতাংশ ।

প্ৰসংগত উল্লেখ্য যে অৱজাৰভাৰ ৰিচাৰ্ছ ফাউণ্ডেছন নামৰ সংস্থাটোৱে নৱেম্বৰত প্ৰকাশ কৰা এই সমীক্ষা প্ৰতিবেদনে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ শিশু আৰু মহিলাৰ স্বাস্থ্যৰ অতি উদ্বেগজনক স্থিতি উন্মোচন কৰিছে । পুষ্টিহীনতা আৰু ৰক্তহীনতাই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টি কৰা পৰিস্থিতিয়ে অদূৰ ভৱিষ্যতে অঞ্চলটোৰ ভৱিষ্যৎ প্ৰজন্মক কোঙা, ৰোগীয়া কৰি তোলাৰ সম্ভাৱনা প্ৰৱল ।

Exit mobile version