Milk : আপুনি বাৰু জানেনে দৈনিক আমি কিমান গাখীৰ পান কৰিব লাগে ?

7f4f1b95 f4cc 4aeb 861a ea4fa392266f

Milk :

আমি সকলোৱেই জানো যে , গাখীৰে আমাৰ হাড় মজবুত কৰে । সেইয়েহে বহুতে সঠিক পৰিমাণতকৈ অধিক গাখীৰ পান কৰা দেখা যায় । তেওঁলোকে ভাবে যে অধিক গাখীৰ পান কৰিলে শৰীৰে অধিক পুষ্টি লাভ কৰিব । কিন্তু আমি পাহৰি যাওঁ যে , সকলো খাদ্য খোৱাৰ এটা নিৰ্দিষ্ট পৰিমাণ থাকে । অৰ্থাৎ যিকোনো বস্তু অধিক খালে আমাৰ হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা বাঢ়ে ।

যুক্তৰাষ্ট্ৰৰ ইউনাইটেড ষ্টেটছ ডিপাৰ্টমেণ্ট অৱ এগ্ৰিকাৰচাৰেল এই ক্ষেত্ৰত কয় যে , গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী যিকোনো খাদ্য খোৱাৰ সময়ত আচলতে কিমান পৰিমাণৰ খাব লাগে , তাৰ ওপৰতহে ধ্যান দিয়াতো জৰুৰী । অৰ্থাৎ এজন ব্যক্তিয়ে দৈনিক ২০০০ কেলৰি অথবা তিনি কাপ গাখীৰ খোৱা উচিত ।

একেদৰে গাখীৰৰ পৰা তৈয়াৰী যেনে- চিজ , দৈ , আইচক্ৰিম । বাটাৰ , ঘি আদি সকলো আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী । ইয়াত কেলচিয়াম , প্ৰোটিন , ভিটামিন ডি , ভিটামিন বি ১২ সকলো পোৱা যায় । যদিও গৱেষকে এই সকলোবোৰ খোৱাত বাধা আৰোপ কৰিছে । গৱেষকৰ মতে , এই সকলো খোৱাতো বয়সৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ দুই বা তিনি বছৰীয়া শিশুয়ে প্ৰতিদিনে দুই কাপ গাখীৰ পান কৰিব লাগে । একেদৰে এটি আঠ বা ন বছৰীয়া শিশুয়ে তিনি কাপ গাখীৰ খোৱা উচিত ।

এতিয়া প্ৰশ্ন উঠিল বেছি গাখীৰ খোৱাতো স্বাস্থ্যৰ কাৰনে ভালনে ?

লাইভষ্ট্ৰং নামৰ এটা অনলাইন পৰ্টেলে কৰা গৱেষণাত এই কথা স্পষ্ট হৈছে যে , প্ৰতিদিনে অত্যাধিক গাখীৰ পান কৰিলে হজমৰ সমস্যা সৃষ্টি হ’ব পাৰে । অৰ্থাৎ গাখীৰৰ পৰা বেছিকৈ লাভ কৰা পুষ্টিয়ে শৰীৰত জটিলতাৰ সৃষ্টি কৰিব পাৰে । যিহেতু গাখীৰে মানুহৰ ওজন বঢ়োৱাত সহায় কৰে আৰু ওজন বৃদ্ধি পোৱা মানেই বেমাৰক আমন্ত্ৰণ জনোৱা । একাপ গাখীৰত ৩.২৫ % ফেট , ১৫২ গ্ৰাম কেলৰি , ১২ গ্ৰাম চেনী আৰু ৮.১৪ গ্ৰাম প্ৰোটিনৰ লগতে লেকটোজ থাকে । যি সকলোৱে হজম কৰিব নোৱাৰে । ফলত পেটত গেছ অথবা ডায়েৰিয়া আদি হোৱাত সহায় কৰে ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও যিকোনো খাদ্য খোৱাৰ আগতে ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱাটো জৰুৰী ।

Exit mobile version