Nagaon Cattle Smuggling : নগাঁৱত যাত্ৰীবাহী ট্ৰেভেলাৰৰ পৰা জব্দ ১৮টাকৈ চোৰাং

b0d559f1 9471 4e8a bcfa 528890f34efa

Nagaon Cattle Smuggling :

ৰাজ্য চৰকাৰে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে কঠোৰ আইন প্ৰনয়ণ কৰাৰ পিছতো চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে চোৰাং গৰু ব্যৱসায়ীয়ে ৷ আৰক্ষীৰ চকুত ধূলি দি পূৰ্ণ গতিত চলাই গৈছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ যোৱা নিশা নগাঁও চহৰৰ উপকন্ঠ বৰঘাট বাইপাছত এছ ০১ এফ চি নম্বৰত এখন যাত্ৰীবাহী ট্ৰেভেলাৰত আৰক্ষীয়ে অৰ্তকিতেতালাচী চলাই জব্দ কৰিবলৈ সক্ষম হয় ১৮টাকৈ চোৰাং৷

চোৰাং গৰু কেইটা নগাঁৱৰ চামগুৰিৰ পৰা যোৰাবাটলৈ নিয়াৰ উদ্দেশ্য আছিল সৰবৰাহকাৰীৰ ৷ আৰক্ষীয়ে ট্ৰেভেলাৰখনৰ হেণ্ডিমেন আখতাৰ উদ্দিনক গ্ৰেপ্তাৰ কৰে যদিও চালকজন এন্ধাৰৰৰ সূযোগ লৈ পলায়ন কৰে ৷

উল্লেখ্য যে বৰঘাট বাইপাছ গো-ধনৰ চোৰাং ব্যৱসায়ীৰ কৰিডৰত পৰিণ হৈছে শেহতীয়াকৈ ৷ নগাঁৱৰ পৰা দৈনিক চোৰাংভাৱে সৰবৰাহ হৈ আছে শ্বিলঙলৈ ৷ কিন্ত আৰক্ষীয়ে সময়োচিত পদক্ষেপ নলৈ গা এৰা মনোভাৱ পোষণ কৰি অহাৰ অভিযোগ উদ্থাপিত হৈছে ৷ অৱশ্যে মাজে সময়ে নিয়মমাফিক তালাচী চলাই নিজৰ দায়িত্ব সম্পন্ন কৰে আৰক্ষীয়ে৷

স্মতৰ্ৱ্য যে গো-ধনৰ অবৈধ চক্ৰটোক নগাঁৱৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই ৰক্ষনাবেক্ষণ দিয়াৰ কথা ইতিমধ্যে দিছপুৰৰ কাণত পৰিছেগৈ ৷মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অবৈধ গো-ধনৰ ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ স্থিতি লৈ অহাৰ বিপৰীতে একাংশ আৰক্ষীয়ে নৰমস্থিতি প্ৰদৰ্শন কৰাৰ পিছত দিছপুৰে এই ক্ষেত্ৰত কি পদক্ষেপ লয় সেইয়া লক্ষণীয় হ’ব ৷

Exit mobile version