Bharat Jodo Yatra : ৰাহুল গান্ধীৰ যাত্রাত যোগ দিলে এনচিপি সাংসদ ছুপ্রিয়া ছুলেই

1983d887127ae813865a6549406e4c491668095546506432 original

Bharat Jodo Yatra :

ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রা মহাৰাষ্ট্রত উপস্থিত হ’লে এনচিপি প্ৰধান শৰদ পাৱাৰ আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰে তাত যোগ দিয়াৰ কথা আছিল । কিন্তু পাৱাৰ বৰ্তমান হাস্পাতালত চিকিৎসাধীন । উদ্ধৱৰ চিকিৎসকসকলেও তেওঁক অনুমতি দিয়া নাই । পাৱাৰৰ পৰিৱৰ্তে আজি তেওঁৰ কন্যা, এনচিপি-ৰ সাংসদ ছুপ্রিয়া ছুলেই ভাৰত জোড়ো যাত্রাত যোগ দিয়ে । শুকুৰবাৰে উদ্ধৱ ঠাকৰেৰ পুত্র, শিৱসেনাৰ বিধায়ক আদিত্য ঠাকৰেয়ে যাত্রাত যোগ দিব ।

তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা দুমাহ পূৰ্বে ভাৰত জোড়ো যাত্রা আৰম্ভণিৰ সময়ত ৰাহুলৰ হাতত জাতীয় পতাকা তুলি দিছিল ডিএমকে প্রধান এম কে ষ্টেলিনে । দক্ষিণ ভাৰত পাৰ হৈ সেই যাত্রা এইবাৰ পশ্চিম ভাৰতত প্ৰৱেশ কৰিছে । ডিএমকে-ৰ পাছত এনচিপি, শিৱসেনাই ভাৰত জোড়ো যাত্রাত যোগ দি কংগ্রেস নেতৃত্ব বিৰোধী জোঁটৰ বার্তা দিয়াৰ চেষ্টা কৰিছে ।

শিৱসেনাৰ সাংসদ সঞ্জয় ৰাৱতক ইডি-য়ে গ্রেপ্তাৰ কৰাৰ সময়ত কংগ্রেছৰ শীর্ষ নেতৃত্বৰ কোনেও একজোঁট হৈ তেওঁৰ কাষত থিয় দিয়া নাছিল । বুধবাৰে মুম্বাইৰ বিশেষ আদালতত ৰাৱতক জামিনৰ নির্দেশ দি কৈছিল, ইডি-য়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁক গ্রেপ্তাৰ কৰিছিল । কংগ্রেছ সভাপতি মল্লিকার্জুন খড়্গে আজি কয়, “ৰাৱতৰ জামিনৰ নির্দেশে বিজেপি চৰকাৰৰ প্রতিহিংসাৰ ৰাজনীতিৰ মুখা খুলি দিছে । বিজেপি বিৰোধী দলৰ নেতা-নেত্রীসকলক লক্ষ্য কৰাৰ সকলো সুযোগ ব্যৱহাৰ কৰিছে ।”

ৰাহুল গান্ধীয়ে জনসভাত এই বিষয়ত মন্তব্য কৰিছে, “ইডি-চিডিক কোনো ভয় নকৰে । বুজি ল‌ওক ভাইসকল ।”

শৰদ পাৱাৰৰ-কন্যা ছুপ্রিয়া ছুলেয়ে আজি মোদী চৰকাৰক কটাক্ষ কৰি কয়, সংবিধান বচাবলৈ এনচিপি বিৰোধীসকলৰ লগত আছে । সংবিধানৰ স্বার্থতেই দেশত ৰাজনৈতিক বিৰোধীসকলৰ প্ৰয়োজন ।

পাৱাৰে যোগ দিব নোৱাৰাৰ সন্দৰ্ভত কংগ্রেছ নেতা জয়ৰাম ৰমেশে কয়, “তেওঁ হাস্পাতালত চিকিৎসাধীন । ৰাহুল গান্ধীয়ে নিজে তেওঁৰ স’তে ফোনত কথা পাতিছে । ময়ো কথা পাতিছো । চিকিৎসকে তেওঁক তিনি-চাৰি সপ্তাহ বিশ্রাম কৰাৰ পৰামর্শ দিছে । সেয়ে পাৱাৰে ভাৰত জোড়ো যাত্রাত যোগ দিব পৰা নাই । অহাকালি আদিত্য ঠাকৰেয়ে যোগ দিব ।”

তামিলনাডু, কেৰালা, কর্নাটক, অন্ধ্রপ্রদেশ, তেলংগানা হৈ যোৱা সোমবাৰে ভাৰত জোড়ো যাত্রা মহাৰাষ্ট্রত প্ৰৱেশ কৰিছে । মহাৰাষ্ট্রৰ পাঁচখন জিলা হৈ ১৫ দিন ধৰি যাত্রা ৩৮২ কিলোমিটাৰ হ’ব । ইয়াৰ পাছত মধ্যপ্রদেশ, অর্থাৎ সম্পূৰ্ণ হিন্দী বলয়ত প্ৰৱেশ কৰিব ৰাহুলৰ পদযাত্রা ।

Exit mobile version