Health : অলপ কাম কৰিলেই ক্লান্ত অনুভৱ হয় নেকি ?

কি ভিটামিনৰ অভাৱত হয় এনে ?

0 vitamin b12

Health :

শৰীৰক ভিতৰৰ পৰা সুস্থ ৰখাত যিবোৰ উপাদানে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে, সেইবোৰত ভিটামিন বি১২ থকা অপৰিহার্য । পৰিসংখ্যা অনুযায়ী, প্রায় ৪৭ শতাংশ লোকে এই ভিটামিনৰ অভাৱত ভুগিছে । নিৰামিষ খাদ্যত ভিটামিন বি১২-ৰ পৰিমাণ কম থাকে । ফলত যিসকল নিৰামিষভোজী, তেওঁলোকে এই ভিটামিনৰ অভাৱত ভোগাৰ শংকা থাকে ।

ভিটামিন, ফাইবাৰ, মিনাৰেলছ — শৰীৰৰ প্রতিটো উপাদানই অতি গুৰুত্বপূর্ণ । এটাৰ অভাৱ ঘটা মানেই নানা ধৰণৰ শাৰীৰিক সমস্যা দেখা দিয়া । শৰীৰত ভিটামিন বি১২-ৰ নাটনি হ’লে এনিমিয়া, ডায়ৰিয়া, কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দেখা দিয়ে । বিৰক্তিও তাৰেই এক কাৰণ ।

চিকিৎসকৰ মতে, ভিটামিন বি১২-ৰ অভাৱত বিষণ্ণতা, বিৰক্তি, স্মৃতিশক্তি লোপ পোৱাৰ দৰে সমস্যা দেখা দিয়ে ।

‘নেছনেল হেলথ ছার্ভিচ’ অনুযায়ী, শৰীৰত এই ভিটামিনৰ অভাৱ ঘটিলে মূৰ ঘূৰণি, মূৰৰ বিষ, হৃদ্‌স্পন্দন বাঢ়ি যোৱাৰ দৰে সমস্যা বৃদ্ধি পায় । সেয়ে ভিটামিন বি১২ অধিক পৰিমাণে থকা খাদ্য বেছিকৈ খোৱা জৰুৰী ।

মাছ-মাংসত অপেক্ষাকৃতভাৱে অধিক পৰিমাণ ভিটামিন বি১২ পোৱা যায় । কণী, কাঠফুলা, বিভিন্ন ধৰণৰ মাংস, সামুদ্রিক মাছৰ দৰে খাদ্য ভিটামিন বি১২ সমৃদ্ধ উৎস । অৱশ্যে কম পৰিমাণে পোৱা গ’লেও নিৰামিষ খাদ্যতো কিন্তু ভিটামিন বি-১২ পাব পাৰে ।

দৈ

দৈত প্রচুৰ পৰিমাণে প্র’বায়’টিক উপাদান আছে, যি অন্ত্রৰ স্বাস্থ্যৰ উন্নতিত সহায়ক । কিন্তু জানেনে কি দৈত প্রচুৰ পৰিমাণে ভিটামিন বি১২ থাকে ? দুগ্ধজাত খাদ্য ভিটামিন বি১২-ৰ অন্যতম উৎস ।

পালেং শাক

শাক-পাচলি মাত্রেই স্বাস্থ্যকৰ । পালেং শাক তাৰ ভিতৰত অন্যতম । ই ‘ছুপাৰফুড’ হিচাপে পৰিচিত । ভিটামিন বি১২ৰ উপৰিও ফাইবাৰ, মিনাৰেলছ, কেলচিয়ামৰ দৰে আৰু অনেক স্বাস্থ্যকৰ উপাদান সমৃদ্ধ পালেং শাক ।

বিট

শৰীৰত ভিটামিন বি১২ৰ নাটনি পূৰণ কৰিবলৈ নিতৌ খাদ্যতালিকাত বিট ৰাখক । আয়ৰন আৰু ভিটামিন বি১২ সমৃদ্ধ বিটে শৰীৰত ৰক্ত সঞ্চালন সচল ৰাখে ।দৈৰ পানী

কেৱল দৈতে নহয়, দৈৰ পানীতো আছে বহু গুণ । দৈৰ পানীত এলবুমিন আৰু গ্ল’বিউলিন নামক প্র’টিন থাকে । যিয়ে শৰীৰত ভিতৰৰ পৰা শক্তি যোগোৱাত সহায় কৰে । ভিটামিন বি১২ সমৃদ্ধ দৈৰ পানীয়ে হাড় সুস্থ ৰাখে, বৃক্কৰ সমস্যা হ্ৰাস কৰাতো সহায় কৰে ।

Exit mobile version